জাজৰিঃ "অগপৰ হাতীৰ পিছফালে এইবাৰ পদুম ফুল লুকাই আছে, হাতীক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া। অগপ এতিয়া আঞ্চলিক দল হৈ থকা নাই। যি অগপই নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰাৰ দৰে এক নাটক ৰচনা কৰিছিল, সেই অগপই আজি জাতিৰ বুকুত কুঠাৰ মাৰি, নাগৰিকত্ব বিধেয়কৰ সপক্ষে থকা বিজেপিৰ লগত হাত মিলাই জাতিক অপমান কৰিছে। এই কথা অসমবাসী ৰাইজে ইতিমধ্যে বুজি উঠিছে।" 

এই মন্তব্য ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ। সোমবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়ত জাজৰি নিছানতলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি লগতে গৌৰৱ গগৈযে কয় যে বিজেপি দলে হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি উচ্চ-নীচৰ যি ৰাজনীতি কৰি আহিছে, সেই সাম্প্ৰদায়িক ৰাজনীতিক আগন্তুক লোকসভা নিৰ্বাচনত আমি উফৰাব লাগিব। 

কংগ্ৰেছ দল ধৰ্ম নিৰপেক্ষ দল। কংগ্ৰেছ দলে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ উন্নয়নৰ দিশে আগবাঢ়িব।

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ  সম্পাদিকা জুৰি শৰ্মা বৰদলৈয়ে উদ্ধোধনী ভাষণ দিয়া সভাখনত চিপিএম দলৰপৰা আজি কংগ্ৰেছত যোগদান কৰি ভৰত কেওঁটে বিতৰ্কিত ভাষণেৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা অঙুৰলতা ডেকাক কটাক্ষ কৰি 'বাকৰ পুতেক' চিনেমাত অভিনয় কৰা আঙুৰলতাক আগন্তুক ২০২১ত হৰুৱাই ইংৰাজী চিনেমা কৰিবলৈ আমেৰিকালৈ পঠিয়াম বুলি কটু বাক্যৰে সমালোচনা কৰে।

আনকি কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক অনুসূচীত জাতি-জনজাতিৰ ছোৱালীক বিয়া কৰালে হীৰাৰ আঙুঠি উপহাৰ দিম বুলিও মন্তব্য কৰে। প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ বৰদলৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা শিৱামণি বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছ নেতা উপস্থিত থকা সভাখনত একালৰ এআইডিইউএফ নগাঁও জিলাৰ সভাপতি মতিবুৰ ৰহমানেও ভাষণ প্ৰদান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰে।