জালাহঃ ভোটেপোৱাবড়ী বেডমিন্টন ক্লাৱৰ উদ্যোগত শ্ৰীশ্ৰীনৰসিংহ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত নৈশ বেডমিন্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। দ্বৈতভিত্তিত সম্পন্ন হ'বলগা খেলখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফিসহ নগদ ৫০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা। 

২ ফেব্ৰুৱাৰীৰ সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক অশ্বিনী দাসে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দলক বেডমিন্টন ক্লাৱৰ গুণজিৎ কলিতা, ভৃগু দাস অথবা ৮৮২২১৯১৫৪০, ৮৪০২৮৮৮২৩০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।