লখিমপুৰঃ শিল্পী দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ ইংৰাজী ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লালুক আঞ্চলিক সমিতিৰ সহযোগত ,লালুক খেল পথাৰত দুদিনীয়া কৈ মধ্যকালীন অধিৱেশনৰ লগতে শিল্পী দিৱস পালন কৰে । 

উক্ত অনুষ্ঠানত কাৰ্য্যসূচী মৰ্মে ১৬ তাৰিখে পুৱা বৃক্ষৰোপন ও সামুহিক চাফাই, পতাকা উত্তোলন, শ্বহীদ তৰ্পন , আৰু কবিতা আবৃত্তি ,চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগীতা ৰে আৰম্ভণি হয় ,দ্বিতীয় দিনা পূৱা ৮ বজাত সমুহীয়া চাফাই ৯ বজাত শিল্প দিৱসৰ পতাকা উত্তোলন কৰি ৰূপকোঁৱৰ ছবিত মাল‍্য অৰ্পন লগতে শিল্পীসকলক সম্বৰ্ধনা। দিনৰ ১১ বজাত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়।

অনুষ্ঠানটোত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবুয়ে গীত পৰিৱেশন কৰে , লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট সঙ্গীত পৰিচালক অজয় ফুকনো উপস্থিত থাকে ।