ডিফুঃ সুদীৰ্ঘ ৭ বছৰৰ অন্তত যোৱা ২৪ ফেব্ৰুৱাৰীত ১৬জন অভিযুক্তৰ মাজৰ পৰা ঝংকাৰ হত্যাকাণ্ডৰ গোচৰত ১২ জনকৈ লোকক দোষী সাব্যস্ত কৰিছিল কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে৷ ২০১৩ চনৰ জুন মাহত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা হত্যাকাণ্ডটোত দোষী সাব্যস্ত হোৱা ১২ জনক আজি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে সত্ৰ ন্যায়াধীশ এ আহমেদৰ বিচাৰপীঠে৷ শুকুৰবাৰৰ এই ৰায়ক ভুক্তভোগী ঝংকাৰৰ পিতৃ-মাতৃয়ে আদৰণি জনোৱাৰ সময়তে উক্ত ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰি উচ্চ ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই৷

আমি নিৰ্দোষী, আমাক এনেই জেইল দি দিছে

শাস্তি ঘোষণা কৰা হোৱাৰ পিছতে আৰক্ষীয়ে এজন এজনকৈ ১২ জন দোষীক আদালত কক্ষৰ পৰা বাহিৰলৈ লৈ আনিছিল৷ বাহিৰত ৰখাই থোৱা আছিল ৰঙা ৰঙৰ এখন বাছ৷ এজন এজনকৈ শাৰী পাতি কেবাজনো দোষী বাছখনলৈ আগুৱাই গৈছিল৷ কোনোজনে ৰুমালেৰে মুখ ঢাকি লৈছিল, আন কোনোজনে আকৌ সাংবাদিকৰ কেমেৰা দেখি হাতখনেৰেই ঢাকি লৈছিল মুখ৷ 

ইয়াৰ মাজতে সাংবাদিকৰ কেমেৰা দেখি ৰৈ গৈছিল দোষী সাব্যস্ত হোৱা দুজন৷ ৰৈ যোৱা দুজনৰ এজনে পিন্ধিছিল খাকী জেকেট আৰু আনজনে নীলা ৰঙৰ গামোচা এখনেৰ ঢাকি লৈছিল মুখমণ্ডল৷ আৰক্ষীয়ে তেওঁলোকক বাছলৈ যাবলৈ ইংগিত দিয়াত এজনে অনুচ্চ স্বৰেৰে কৈ উঠিছিল, ‘আমাক অলপ ক’বলৈ দিয়ক৷’ 

আদালতৰ বাহিৰত ৰৈ থকা সাংবাদিকৰ কাষ চাপি আহি বাকীসকলৰ দৰেকৈ মুখমণ্ডল ঢাকি নৰখা খাকী জেকেট পৰিহিত এজনে কৈছিল, ‘মই নিজাকৈ এটা কথা ক’ব খুজিছো৷ আমাৰ বিৰুদ্ধে একো প্ৰুফ পোৱা নাই। ভিডিঅ’ প্ৰুফ নাই৷ কোনো সাক্ষীয়ে আমাক পইণ্ট কৰা নাই৷ আমাক এনেই জেইল দি দিছে। যিসকল জড়িত আছিল সেইসকলক এতিয়াও এৰেষ্ট কৰা নাই। সিহঁতে আজিও ফ্ৰিমাইণ্ডত ঘূৰি আছে।’ 

‘অনুৰোধ কৰিছো অসমবাসীসকলক৷ আমিও একজন খিলঞ্জীয়া অসমীয়া৷ আমি এনাকুৱা জাষ্টিছটো ভাল পোৱা নাই৷ জাষ্টিছ হ’লে সবৰে জাষ্টিছ হ’ব লাগে৷ জড়িত থকা মানুহবোৰক এতিয়াও ধৰা নাই৷ আমাকতো এৰেষ্টো কৰা নাই৷ আমি নিজেই আহিছো, মোৰ নাম কিয় ওলাই গ’ল বুলি৷ আমাক কৈছিল যে জাষ্টিছটোত সহযোগ কৰিব লাগে৷ আমি সহায় কৰিলো আৰু আমাক এনেকে ভৰাই দিছে৷’-নিজকে নিৰ্দোষী বুলি দাবী কৰি লোকজনে কয়৷

হাতযোৰ কৰি থোকাথোকি মাতেৰে দোষী সাব্যস্ত হোৱা লোকজনে আৰু কয়, ‘আপোনালোকৰ ল’ৰা-ছোৱালী যদি এনেকুৱা কেছত ফচি যায় আৰু জেইলত সোমাই দিয়ে আপোনালোকৰ কেনেকুৱা লাগিব? জাজৰ ল’ৰা যদি এনেকে কেছত মিছাতে ফচি যায় জাজৰ কেনেকুৱা লাগিব? এইটো জাষ্টিছ হোৱা নাই৷ আপোনালোকক অনুৰোধ কৰিছো জাজটো ভালকৈ কৰি দিয়ক৷’

দোষী সাব্যস্ত হোৱা আৰু এজনে অভিযোগ তোলে যে ঘটনাত জড়িত প্ৰকৃত অপৰাধীসকল এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে৷ ‘আমাক কোৰ্টৰ ভিতৰত একো চাঞ্চ দিয়া নাই৷ আমাক একো ক’বলৈ দিয়া নাই৷ আমাৰোতো ক’বলগা আছে৷’-এইদৰে ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আদালতৰ পৰা এখন নীলা ৰঙৰ গামোচাৰে মুখ ঢাকি বাহিৰলৈ ওলাই অহা কাৰাদণ্ডৰে দণ্ডিত আন এজনে৷

কি কি শাস্তি ঘোষণা কৰিলে আদালতে?

আজি ঘোষণা কৰা শাস্তি অনুসৰি আটাইকেইজনকে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৭ অনুসৰি ৬ মাহ, ৩৪১ অনুসৰি ১ মাহ, ৩২৩ অনুসৰি ৬ মাহ আৰু ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে৷ জৰিমনা আদায় নিদিলে আটাইকে অতিৰিক্ত দুমাহৰ কাৰাদণ্ড বিহে আদালতে৷ 

বিশেষ লোক অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল আৰু লোক অধিবক্তা ডি কে ডেকাই সাংবাদিকক জনোৱা মতে দুজন আচামী ক্ৰমে বাৰ্লং তিমুং আৰু গিবচন তিমুং বৰ্তমানেও পলাতক হৈ আছে৷ আন এজন জুভেনাইল আচামী জুভেনাইল ক'ৰ্টত দোষী সাব্যস্ত হোৱাৰ কথাও জনায় জয়ছোৱাল আৰু ডেকাই৷ তেওঁলোকে জনোৱা মতে গোচৰটোৰ পৰা আৰক্ষীৰ লোক এএছ আই ৰমেশ নাথ, হাবিলদাৰ হাৰুণ বৰাৰ লগতে ছাৰ্থে বে' আৰু দিলীপ টেৰণক আদালতে দোষমুক্ত ঘোষণা কৰে৷

কোনে কোনে শাস্তি পালে?

লোমহৰ্ষক ঝংকাৰ হত্যাকাণ্ড গোচৰত অভিযুক্ত ১৬ জনৰ অধিকাংশই আছিল অটোচালক। ইয়াৰ লগতে কেবাজনো আৰক্ষীৰ লোকৰ বিৰুদ্ধেও উত্থাপিত হৈছিল অভিযোগ। অভিযুক্তসকল হৈছে ছাৰচিং টেৰণ, ৰবিণচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ', ইনুচ তিমুং, জেনচিং টেৰণ, বিশ্বজিত হাঞ্চে, বিনিং তেৰাং, চাৰবংৰি টোৰাং, ফিলিপছন টাৰ', দিলীপ টেৰণ, ছাৰ্থে বে', হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাঞ্চ, মঙলছিং ৰংফাৰ আৰু আৰক্ষীৰ সহ পৰিদৰ্শক ৰমেশ চন্দ্ৰ নাথ৷ আজিৰ ৰায়দানত দিলীপ টেৰণ, ছাৰ্থে বে, আৰক্ষীৰ সহঃপৰিদৰ্শক ৰমেশ নাথ আৰু হাবিলদাৰ হাৰুণ বৰাক নিৰ্দোষী ঘোষণা কৰি বাকী থকা আটাইকেইজনে দোষী সাব্যস্ত কৰাৰ অন্তত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে।

কেতিয়া সংঘটিত হৈছিল হত্যাকাণ্ড?

হত্যাকাণ্ড সংঘটিত হৈছিল ৭ বছৰ পূৰ্বে ২০১৩ চনৰ ২৫ জুনত৷ কাৰ্বি আংলং জিলাৰ ডিফু চহৰত সংঘটিত হৈছিল এই ঘটনা৷ গোচৰত দুজন আৰক্ষীৰ লোক সহ মুঠ ১৬ জন লোকক অভিযুক্ত কৰা হৈছিল৷ ইয়াৰে ১৪ জন ডিফু কাৰাগাৰত বৰ্তমানেও কাৰাবন্দী হৈ আছে৷ আনহাতে ঘটনাৰ সময়ত উক্ত স্থানত উপস্থিত থাকিও বিপদত পৰা লোকক উদ্ধাৰৰ চেষ্টা নকৰাত গোচৰটোত দুই আৰক্ষী ৰমেশ নাথ আৰু হাৰুণ বৰাক অভিযুক্ত কৰা হয়।

কিদৰে চলিছিল বিচাৰ প্ৰক্ৰিয়া?

ঘটনাৰ পিছতে ঝংকাৰৰ পিতৃয়ে ডিফুত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই উক্ত গোচৰত ১৬ জনক অভিযুক্ত কৰি চাৰ্জশ্বীট দাখিল কৰে৷ ডিফু থানাৰ গোচৰ নং, ৯৫/১৩, জিআৰ গোচৰ নং ৪২১/২০১৩ আৰু এছছি গোচৰ নং ৫৯/২০১৮ৰ যোৱা প্ৰায় ৭ বছৰ ধৰি বিচাৰ প্ৰক্ৰিয়া চলে৷ গোচৰীয়া পক্ষৰ হৈ ওকালতি কৰিছিল বিশেষ লোক অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱাল আৰু ডিফু আদালতৰ লোক অধিবক্তা ডি কে ডেকাই৷ আনহাতে আচামী পক্ষৰ হৈ ওকালতি কৰিছিল ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়া, ছাৰলংকি ইংতি আৰু আৰ্কই ইংতি কাথাৰে৷ 

১০-২০ টকাৰ বাবেই হত্যাকাণ্ড

গোলাঘাট জিলাৰ এগৰাকী অধিবক্তা হৰেণ শইকীয়া। আইনী সেৱাৰ বাবে কাৰ্বিং আলঙত বসবাস কৰা অধিবক্তা শইকীয়াৰ পুত্ৰ আছিল ঝংকাৰ শইকীয়া৷ ঘটনা সংঘটিত হোৱাৰ দিনটোত অধিবক্তা হৰেন শইকীয়াই পুত্ৰ ঝংকাৰ শইকীয়াক লগত লৈ অটো ভাৰা কৰি ডিফু চহৰত উপস্থিত হৈছিল৷ অটো ভাৰা নিৰ্ধাৰিত নিৰিখতকৈ ১০-২০ টকা বেছিকৈ বিচৰা বাবেই প্ৰশ্ন কৰিছিল চালকজনক প্ৰশ্ন কৰিছিল ঝংকাৰ শইকীয়া আৰু তেওঁৰ পিতৃয়ে। 

প্ৰশ্ন কৰাৰ ফলত প্ৰথমে তৰ্কা-তৰ্কি লাগে। পিছত তৰ্কা-তৰ্কিয়ে ভয়াৱহ ৰূপ লয় আৰু কেবাজনো অটো চালক লগ হৈ দিনৰ পোহৰতে ডিফু চহৰৰ মাজমজিয়াত পিতৃৰ সমুখতে ঝংকাৰ শইকীয়াৰ ওপৰত সংঘটিত কৰে আক্ৰমণ৷ সেই সময়ত অভিযোগ উত্থাপন হোৱা মতে, ঝংকাৰ শইকীয়া আৰু পিতৃ হৰেণ শইকীয়াৰ মৰণকাতৰ চিঞৰ শুনিও কোনেও আগবাঢ়ি অহা নাছিল তেওঁলোকক ৰক্ষা কৰিবলৈ৷ উন্মত্ত হৈ পৰা লোকসকলৰ আক্ৰমণত এটা সময়ত লেবেজান হৈ পৰিছিল ঝংকাৰ৷ পিছত ১ জুলাই চিকিৎসালয়ত মৃত্যুক সাবটিছিল ঝংকাৰে। 

উচ্চ ন্যায়ালয়লৈ যাব বিপক্ষৰ অধিবক্তা

ডিফু সত্ৰ ন্যায়াধীশ এ আহমেদৰ ৰায়দানক লৈ মুঠেই সন্তুষ্ট নহয় বিপক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া৷ শৰণীয়াই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অসন্তুষ্টি ব্যক্ত কৰি কয়, ‘আজিৰ ৰায়দানত আদালতে সাক্ষীৰ ভাষ্যক পৰ্যালোচনা বা পৰীক্ষা কৰি গ্ৰহণযোগ্য নোহোৱাকৈ ৰায় প্ৰদান কৰিছে৷ ৰায়দানত শাস্তি প্ৰদান কৰা অন্যান্য ধাৰা মানি ললেও ৩০২ ধাৰাত ঝংকাৰ হত্যাকাণ্ডৰ ১২ জনকৈ দোষীক যাৱজ্জীৱনৰ শাস্তিৰ বিধানক ন্যায় সংগত হোৱা নাই৷’

‘আমি আজিৰ শাস্তিৰ ৰায়ক লৈ মুঠেই সন্তুষ্ট নহয়৷ এই ৰায়ৰ বিৰুদ্ধে আমি শীঘ্ৰে উচ্চ ন্যায়ালয়ত আবেদন জনাম৷ উচ্চ ন্যায়ালয়ত আমি ন্যায় লাভ কৰিবলৈ সমৰ্থ হ’ম বুলি আশাবাদী৷’-এইদৰে কয় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে৷