বিশ্বনাথ চাৰিআলিঃ বিহালী বিধানসভা সমষ্টিৰ জিনজিয়াত বিভিন্ন জাতি-জনজাতি মিলিত হৈ বৃহস্পতিবাৰে পুৰ্বৰ বৰ্ষৰ দৰে এইবাৰো বিহু সন্মিলন অনুষ্ঠিত কৰে। জিনজিয়া চেন্টাৰৰ কেন্দ্রবিন্দুত অৱস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰঙ্গমঞ্চ প্রাংগণত অনুষ্ঠিত এই অনুষ্ঠানৰ দুৱাৰ মুকলি কৰে সদৌ অসম সা়ংবাদিক সন্থাৰ মুখ্য উপদেষ্টা, সা়ংবাদিক নৰেন বৰাই।

বড়ো নৃত্যৰে আৰম্ভ কৰা এই মুকলি বিহুৰ আৰম্ভণিতে অসম চৰকাৰৰ পেন্সন প্রাপ্ত সা়ংবাদিক অমিতাভ বৰুৱা, অসম চৰকাৰৰ দ্বাৰা সম্বৰ্ধনা প্রাপ্ত  তথা আৰোহন মিডিয়া বঁটা প্রাপ্ত সা়ংবাদিক নৰেন বৰা, শিক্ষা জগতলৈ বিশেষ বৰঙণী আগবঢ়াই অহা ব্যক্তি সুকুমাৰ দত্ত, সমাজ সেৱীকা   গোলাপপ্রিয়া দেৱীক বিহুৱান, চেলেংচাদৰ আৰু সৰুদৈয়া জাপিৰে সম্বৰ্দ্ধনা জনায়।

বিহু সন্মিলনীখনৰ সভাপতি অমৰজ্যোতি গায়ন, সম্পাদক তথা সমাজসেৱী পৱিত্র শৰ্মাই আঁত ধৰা এইঅনুষ্ঠানৰ পিচতেই প্রদৰ্শনীমূলক মুকলি বিহু  আৰম্ভ হয়। এই মুকলি বিহুত কলাবাৰী মৰনৈগুৰি, ঘাঁহি গাঁও, ৰতোৱা, জামুগুৰিহাট, বিহালীকে ধৰি জিলাখনৰ ৭ টাকৈ বিহুৰ দলে অ়ংশ গ্ৰহন কৰে।