ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুকেশ আম্বানীয়ে ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত মুকলি কৰা বিনামূলীয়া ফ’ৰ জি সেৱা লাভ কৰিবপৰা জিঅ’ফোনটো বুকিং আৰম্ভ হ’ব ২৪ আগস্তৰ পৰা। ফাৰ্ষ্ট কাম, ফাৰ্ষ্ট চাৰ্ভ ভিত্তিত এই ফোনটো মাই জিঅ’ এপযোগে বুকিং কৰিব পাৰিব। তদুপৰি জিঅ’ ৰিটেইলাৰত গৈও বুকিং কৰিব পাৰিব এই ফোনটো। ফোনটোৰ বাবদ ১৫০০ টকাৰ চিকিউৰিটি ডিপজিট দিব লাগিব। এই ডিপজিট ৩৬ মাহৰ মুৰত ঘুৰাই দিয়া হ’ব। গতিকে ফোনটোৰ মূল্য ০ টকা হ’বগৈ। 

কি ফিচ্চাৰ আছে এই জিঅ’ফোনটোত?

► এই ফোনটো ৪জি ভল্টি ফোন। 

► আছে প্ৰিলোডেড জিঅ’ এপচ।

► বিনামূলীয়া ভইচ কলৰ সুবিধা।

► ইণ্টাৰনেটৰ ব্ৰাউজিঙৰ সুবিধা। 

কেনেকৈ পাব ডাটাৰ সুবিধা?

জিঅফোন ইউজাৰে মাহিলী ১৫৩ টকা দিলেই লাভ কৰিব ৪জিৰ সুবিধা। অৱশ্যে প্ৰতিসপ্তাহে ৫৪ টকাকৈ দিলেও হ’ব। অতিৰিক্ত সুবিধাৰ বাবে জিঅ’ৰ ধন ধনাধনৰ অফাৰ ল’ব লাগিব গ্ৰাহকে। ডাঙৰ স্ক্ৰীণত চাব পৰাকৈ কেবোল লিংকো থাকিব।