internet

ডিজিটেল ডেস্কঃ ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব ৰিলাইঞ্চ জিঅ’ই ৷ জকাইচুকৰ পৰা চহৰলৈ সকলোকে সামৰি লোৱাৰ পিছত দিনক দিনে জিঅ’ই বাঢ়াইছে ৰিচাৰ্জৰ দাম ৷

বিগত সপ্তাহত ৰিলাইঞ্চ জিঅ’ৰ ৰিচাৰ্জৰ মূল্য ১৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰাৰ পিছত পুনৰবাৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ৩০৯ টকা মূল্যৰ ৰিচাৰ্জ অতি শীৰ্ঘে বন্ধ অথৱা ম্যাদৰ সময়সীমা ক’ম কৰাৰ সম্ভাৱনা আছে নেটৱৰ্কীয় প্ৰতিষ্ঠানতোৱে৷ উল্লেখিত ৰিচাৰ্জৰ ম্যাদৰ সময়সীমা  বৰ্তমানৰ ৪৯ দিনৰ পৰিৱৰ্তে ২৮ দিনলৈ হ্ৰাস কৰাৰ হব ৷ কিছুদিন পূৰ্ৱেই ৩৯৯ টকা মূল্য ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি ৪৫৯ টকা কৰা হৈছে ৷

জিঅ’ই পোষ্টপেইড গ্ৰাহকৰ বাবে জিঅ’ ৰিচাৰ্জ ৩০৯ টকাৰ পৰা ৫০৯ টকাৰ ৰিচাৰ্জ প্ৰদান কৰি আহিছিল ৷ কিন্তু বৰ্তমান ৩০৯ টকাৰ পৰা ৯৯৯  টকালৈ পাঁচ প্ৰকাৰৰ ৰিচাৰ্জ উপলব্ধ কৰিব ৷