দিল্লীঃ পুনৰ বিতৰ্কই ঘেৰিছে চেণ্টাৰ অব এক্সেলেঞ্চিক। শেহতীয়াভাৱে ভাৰত চৰকাৰৰপৰা দেশখনৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বঁটা লাভ কৰা শিক্ষানুষ্ঠানখনতে সমঅধিকাৰ নাপাই আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা পোহৰলৈ আহিছে।

আত্মহত্যাৰ পুৰ্বে সম অধিকাৰক লৈ ছচিয়েল মিডিয়াত আক্ষেপ কৰিছিল দলিত ছাত্ৰ মুথুকৃষ্ণনে। 'যেতিয়া সমঅধিকাৰ অস্বীকাৰ কৰা হয়, সকলো অস্বীকাৰ কৰা হয়’- আত্মহত্যাৰ কেইদিনমান পুৰ্বেই চ’চিয়েল মিডিয়াত এইদৰে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় জেএনইউত দলিত ছাত্ৰই সমঅধিকাৰৰ পৰা বঞ্চিত বুলি প্ৰকাশ কৰিছিল মুথুকৃষ্ণনে৷ দলিত ছাত্ৰৰ আত্মহত্যাই এতিয়া কঁপাই তুলিছে জেএনইউ৷

সোমবাৰে আবেলি বিশ্ববিদ্যালয়খনৰ এমফিলৰ ছাত্ৰ মুথুকৃষ্ণনে এজন বন্ধুৰ ঘৰত আত্মহত্যা কৰে৷ বিগত বৰ্ষৰ হায়দাৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ বিতৰ্ক মাৰ নাযাওঁতেই পুনৰ এজন দলিত ছাত্ৰৰ আত্মহত্যাই ঘটনা পোহৰলৈ আহিছে ৷  

বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ ভাষ্য অনুসৰি মুথুকৃষ্ণন এজন অনুসুচিত সম্প্ৰদায়ৰ ছাত্ৰ আছিল আৰু ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰিছাল ছাত্ৰজনে৷ ছাত্ৰজনে চ’চিয়েল চাইটত বিশ্ববিদ্যালয়খনত এমফিল আৰু পিএইছডি নামভৰ্তিকৰণত অনিয়ম চলা বুলি অভিযোগ উত্থাপন কৰিছিল ছাত্ৰজনে৷