ডিজিটেল ৰিপ'ৰ্টঃ  সৰুৰে পৰা অভিনয়ৰ প্ৰতি হেপাহ থকা এজন নতুন অভিনেতাই শেহতীয়া ভাৱে মুন্না আহমেদৰ বিগ বাজেটৰ মাল্টিষ্টাৰাৰ ছবি "নিজানৰ গান"ত যতীন বৰাৰ লগতে এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰ নাম হৈছে জ'ন হক। নলবাৰী জিলাৰ ৰামপুৰ, মুকালমুৱাত জন্মগ্ৰহণ কৰা বৰ্তমান গুৱাহাটীৰ বাসিন্দা জ'ন হকে এইখন ছবিৰ জৰিয়তে ছবিজগতত প্ৰথম খোজ পেলাইছে।

ইয়াৰ আগতে তেওঁ চুটি ছবি "তালাক-এ লাভ ষ্ট'ৰী"ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু "নেবকাচ মেডিয়া এৱাৰ্ড ২০১৭" ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবলৈ সক্ষম হৈছিল। "তালাক-এ লাভ ষ্ট'ৰী" চুটি ছবিখনো পৰিচালনা কৰিছিল জনপ্ৰিয় পৰিচালক মুন্না আহমেদে। প্ৰযোজনা কৰিছে সাংস্কৃতিক কৰ্মী হাইদৰ আলম আজাদে।

জ'ন হকে "ক'বলৈ মন যায়" নামৰ এটা মিউজিক ভিডিঅ’টো অভিনয় কৰিছিল, গানটোত কন্ঠ নিগৰাইছিল মিন্টু আচলামে। নতুন অভিনেতা-অভিনেত্ৰীৰ বাবে এক মঞ্চ দিবলৈ চেষ্টা কৰি অহা প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী হাইদৰ আলম আজাদৰ প্ৰযোজনাতেই জ'ন হকে খোজ পেলাবলৈ ওলাইছে বোলছবি জগতত "নিজানৰ গান" নামৰ বহুচৰ্চিত ছবিখনৰ জৰিয়তে।

"নিজানৰ গান"ত যতীন বৰা, অমৃতা গগৈ, আইমী বৰুৱা, অনন্যা পাচনি আদি বহুতো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে মুন্না আহমেদৰ দৰে পৰিচালকৰ লগত এক মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পাই জ'ন খুবেই সুখী আৰু তেওঁলোকৰ পৰা শিকাৰ সুবিধা পাইছে বুলি তেওঁ জনায়।

"নিজানৰ গান" ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে শেষ হৈছে। ছবিখন নবেম্বৰত মুক্তিলাভ কৰিব। জ'ন হক এতিয়া ব্যস্ত তেওঁৰ আহিবলগীয়া নতুন ধাৰাবাহিক "অনামিকা"ৰ শ্বুটিঙত।

দেখিবলৈ সুন্দৰ-সুঠাম শৰীৰৰ অধিকাৰী জ'ন হক'ৰ প্ৰিয় অভিনেতা শ্বাহৰুখ আৰু ছলমান। অভিনয়ৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা জ'ন হকৰ হিন্দী ছবি এখনত অভিনয়ৰ কথা চলি আছে য'ত অভিনয় কৰাৰ কথা সুনীল চেট্টী, জেকী শ্ৰ'ফ আদিৰ দৰে তাৰকাৰ। ভৱিষ্যতে এজন সফল অভিনেতা হোৱাই তেওঁৰ লক্ষ্য।