newsnextone|| ডিজিটেল ডেস্কঃ আফগানিস্থানৰ ৰাজধানী কাবুলত শুকুৰবাৰে পুৱা পুনৰ বিস্ফোৰিত হয় এটি বোমা। পুৱাৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণটিৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই যদিও আহত হয় কেইবাগৰাকী লোকো।

স্থানীয় আৰক্ষীৰ পৰা প্ৰাপ্ত বাতৰি অনুসৰি বোমা বিস্ফোৰণৰ সময় পুৱা ভাগত হোৱা বাবেই বজাৰ খনত উপস্থিত আছিল কিছু সংখ্যকহে লোক। যাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমান বিশেষ ভাৱে বাঢ়িবলৈ নাপালে।

উল্লেখ্য যে, যোৱা বুধবাৰেও কাবুলত সংঘটিত হৈছিল এক বোমা বিস্ফোৰণ। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে দ্বায়িত্ব স্বীকাৰ কৰা সেই বিস্ফোৰণটিত নিহত হৈছিল কমেও ৩৪ গৰাকী লোক আৰু আহত হৈছিল প্ৰায় ৬০ৰো অধিক লোক। 

পিছে বাৰতি প্ৰকাশ কৰা সময়লৈকে অদ্যপি জানিব পৰা হোৱা নাই শুকুৰবাৰৰ বিস্ফোৰণটিৰ পিছত কাৰ হাত।