♦ দেওবাৰে হোৱা তৃতীয় দিনাৰ বিশেষ আকৰ্ষণ আছিল প্ৰশিক্ষক ত্ৰিশূল ভূঞাৰ সমৰ কলা প্ৰদৰ্শন   

কলিয়াবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষক ৰাজা গুপ্তা আৰু ত্ৰিশূল ভূঞাৰ নেতৃত্বত হোৱা প্ৰশিক্ষণৰ দেওবাৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত আঁত ধৰে ভাস্কৰ শইকীয়াই।

কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগে। লগতে উপস্থিত থাকে কলিয়াবৰ প্ৰবীণ খেলুৱৈ ৰবীন ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়া, নিপেন কেওঁত আৰু গৌতম বৰা। 

প্ৰশিক্ষাৰ্থীসকলেও সমৰ কলা প্ৰদৰ্শন কৰে। ত্ৰিশূল ভূঞাই তেওঁৰ বুকুৰ ওপৰেদি বুলেট বাইক ২০ খনৰো অধিক পৰা কৰাই উপস্থিত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।

এগৰাকী যুৱতীয়ে নিজকে ছেল্ফ ডিফেন্সৰ সহায়ত নিজে কি দৰে সুৰক্ষিত কৰিব পাৰে, তাৰো এক কলা প্ৰদৰ্শন কৰা হয় ।