খেৰণিঃ কৰ’না মহামাৰীৰ পিছত এইবাৰ ভূতৰ ওপৰত দানহ হৈ পৰিছে বানপানী। বিগত কিছুদিন ধৰি অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলঙৰ বহু অঞ্চল। 

মেঘালয়ৰ পৰা বৈ অহা কপিলীৰ বাঢ়নী পানীয়ে ডিমা হাছাও জিলাৰ উমৰাংছ সংযোগী উত্তৰ-পূব পৰিষদৰ পথৰ কেইবা ঠাইত বিস্তৰ ক্ষতি সাধন কৰে। ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত আৰনাম টেপ্লং, খেৰণি নেপালী বস্তি, দাস বস্তি, মাইমাৰো, বগৰিঘাত, শিলডুবি, মেনমিজী আৰু ডংকামোকাম আৰক্ষী চকীৰ অন্তৰ্গত ডেৰামুখ, টুমপ্ৰেং আদি ঠাইসমূহত কপিলীয়ে সংহাৰ ৰূপ ধাৰণ কৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে।

আনহাতে হোজাই জিলাৰ অন্তৰ্গত লংকা ৰাজচক্ৰ এলেকাধীন অঞ্চল আঠাইছোঁ আৰু মাণ্ডুলি নামৰ গাঁও দুখনো এতিয়া বানৰ কবলত পৰিছে। অৱশ্যে  উক্ত দুখন গাৱঁৰ প্ৰায় দুই শতাধিক পৰিয়ালে গাঁৱত পানী সোমোৱাৰ মুহূৰ্ততে নিৰাপদ স্থানলৈ গৈ আশ্ৰয় লৈছে যদিও অস্থায়ী শিবিৰ পাতিবলৈ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। 

অঞ্চলটোত থকা বিদ্যালয়সমূহত ক’ভিড-১৯ মহামাৰীৰ আশংকা থকা বহিঃৰাজৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে চিহ্নিত কৰি ৰখা হৈছে। ফলত দুই এখন বিদ্যালয়তে সকলো বানাক্ৰান্ত ৰাইজে অস্থায়ী শিবিৰ পাতি  আশ্ৰয় ল’বলগা হৈছে। 

ইফালে ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগে যদিও বানপানীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত আশ্ৰয় শিবিৰৰ অভাৱত সকলো গাঁৱৰ ৰাইজে একেলগে একত্ৰিত হৈ গাতে গা মিলাই থাকিব লগাত পৰিছে। এনেদৰেই এতিয়া কৰ’নাৰ লগতে বানেও সকলোকে এক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে।