কনক দেউৰী, খেৰণিঃ সংসদৰ মজিয়াত স্বায়ত্ব শাসিত ৰাজ্য দাবী নস্যাৎ হোৱা কাৰ্যক কেন্দ্ৰ কৰি ডিমা হাছাও-কাৰ্বি আংলঙৰ ১৬ সংগঠনে ২৫ জুলাইত ১২ ঘন্টীয়া ডিমা হাছাও আৰু কাৰ্বি আংলং বন্ধৰ আহ্বান জনায়। 

পৰিপ্ৰেক্ষিতত দুই পাৰ্বত্য জিলাত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰে। বন্ধৰ সময়ছোৱাত দোকান-পোহাৰ, কাৰ্যালয়, যান-বাহন, শিক্ষানুষ্ঠান আদি সম্পূৰ্ণৰূপে বন্ধ থাকে। তেনে সৰ্বাত্মক বন্ধৰ মাজতে ডিফুত উপস্থিত হৈ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সসদ্যসকলৰ উপস্থিতিত জিলা বিজেপি কাৰ্য্যালয় নিৰ্মাণৰ উদ্দেশ্যে ভূমিপূজনেৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো প্ৰতিখন জিলাতে একোটাকৈ লেখত ল’বলগীয়া জিলা বিজেপিৰ কাৰ্য্যালয় নিৰ্মাণ কৰা হ’ব। লগতে প্ৰত্যেকটো জিলা বিজেপি কাৰ্য্যালয় অত্যাধুনিকভাৱে নিৰ্মাণ কৰাৰ বিপৰীতে কাৰ্যালয়সমূহত বিজেপি কৰ্মকৰ্তাসকলৰ বাবে সকলো প্ৰকাৰৰ সা-সুবিধা উপলব্ধ হ’ব বুলি উল্লেখ কৰে শৰ্মাই। 

ইয়াৰ পিছতেই ডিফুৰ ৰুকাছেনত কাৰ্বি আংলং আকোঁৱাচেণ্ট্ৰিক পার্কৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে চলিত ৭০ সংখ্যক বন-মহোৎসৱৰ সৈতে সংগতি ৰাখি নিৰ্মীয়মান অৱস্থাত থকা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত ৰূপায়ন কৰা বৃক্ষ ৰোপণ কাৰ্যসূচীতো অংশ লয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। 

উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত ৰাইজক উদ্দেশ্যি এইবুলি মন্তব্য কৰে যে এই বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত ডিফু চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব আৰু মহাবিদ্যালয়খনত তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কোৱাৰ বিপৰীতে ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক শিক্ষাৰ্থীয়ে চিকিৎসা শিক্ষা লাভ কৰাৰ উপৰিও বছৰি ৩ লাখ ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিব পাৰিব এইখন চিকিৎসা মহাবিদ্যালয়ত। 

আনকি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ, মেঘালয় আদি লোক সকলেও চিকিৎসা লাভৰ ক্ষেত্ৰত এই চিকিৎসা মহাবিদ্যালয়খনৰপৰা উপকৃত হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।