তুলসীবাৰীঃ কাৰাটে-ড’ৰ কামৰূপ গ্ৰাম্য জিলা দলে কঢ়িয়াই আনিলে গৌৰৱ৷ গুৱাহাটী মহানগৰীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইণ্ড'ৰ ষ্টেডিয়ামত যোৱা ৯-১১ ফেব্ৰুৱাৰীত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ যোৱা টিজি বৰুৱা সোঁৱৰণী সপ্তম বাৰ্ষিক কাৰাটে-ড’ প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য জিলাৰ দলে কেইবাটাও পদক লাভ কৰি সফলতা অৰ্জন কৰে।

উকাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাজ্য খনৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে যদিও বিভিন্ন শাখাত কামৰূপ দলে পদক অৰ্জনৰে সুনাম কঢ়িয়াবলৈ সক্ষম হয়।

জিলা কাৰাটে ড’ সন্থাৰ সম্পাদক সঞ্জিৱ কুমাৰ দাসে জানিবলৈ দিয়া মতে, ৮ বছৰৰ অনুৰ্ধৰ শাখাত কৃষ্ণা দাস আৰু ইয়াজেৰ ৰিছিকে কুমিটেত সোণ আৰু ৰূপৰ পদক, ১২-১৩ বছৰৰ ছোৱালীৰ শাখাত হৃষিতা দাসে ক্ৰমে সোণ (কুমিট) আৰু ব্ৰঞ্জ (কাটা), ১৪-১৫ বছৰৰ শাখাত পূজা মেধীয়ে ৰূপ (কুমিট), ২১ বছৰ অনুৰ্ধ পুৰুষ শাখাৰ কুমেটেত ক্ৰমে ইমদাদ আহমেদ (ৰূপ), নিকালুৰ ৰহমান আৰু চানি কুমাৰ দাসে ব্ৰঞ্জৰ পদক অৰ্জনৰে কামৰূপ গ্ৰাম্য জিলালৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাত টিম মেনেজাৰ হিচাপে নেতৃত্ব দিছিল বালিকা বৰুৱা বড়োৱে।