ডিফুঃ কাৰবি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন "কাৰবি আংলং জিলা মহিলা সমিতি"ৰ একাদশ ত্ৰিবাৰ্ষিক অধিবেশন খনি আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ 

পাহাৰীয়া জিলাখনৰ ভিন্ন প্ৰান্তৰ শাখাৰ পৰা  ক্ৰমে, ডিফু হাওৰাঘাট, বোকাজান,মাঞ্জা,সৰিয়হজান,তৰাডুবি, টুমপ্ৰেঙ আৰু ডংকামোকামৰ প্ৰতিনিধি সকল ডিফুৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত পুৱা ৯ বজাত সমিতিৰ পতাকা উত্তোলন কৰে সভানেত্ৰী কিৰণ কলিতাই,৯-৩০ বজাত স্মৃতি তৰ্পন কৰে কাৰ্যকৰী সভানেত্ৰী প্ৰেমদা দত্তই, ১০-৩০ বজাত জিলা সভানেত্ৰী কিৰণ কলিতাৰ পৌৰহিত্যত   মহিলা সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় ৷ 

সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে পুৰণি সমিতিখন ভংগ কৰি ক্ষিৰলা টেৰণপীক সভানেত্ৰী আৰু সুৱৰ্ণা বৰুৱা চেতিয়াক সাধাৰণ সম্পাদিকা হিচাপেলৈ  ৫৫ জনীয়া এক শক্তিশালী আৰু পূৰ্ণাংগ সমিতি গঠন কৰি দিয়ে৷ বিয়লি ১ বজাত বিদায়ী সভানেত্ৰী কিৰণ কলিতাৰ পৌৰুহিত্যত মুকলি সভা অনুষ্ঠিত হৈ যায় ৷ মুকলি সভাখন সমিতিৰ সদস্যা সকলৰ সুৰীয়া কণ্ঠৰ এক আৰম্ভণি গীতেৰে সভা আৰম্ভণি হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে প্ৰতিবেদন পাঠকৰে পূৰ্বৰ যুটীয়া সম্পাদিকা আৰু নৱগঠিত সমিতিৰ সাধাৰণ সম্পাদিকা সুৱৰ্ণা বৰুৱা চেতিয়াই, ৷ বিশিষ্ট বক্তা সকলে ভাষণ প্ৰসংগত জিলাখনত মহিলাসকলৰ নিৰাপত্তা, সুৰক্ষা, সম অধিকাৰ, মহিলা সাৱলীকৰণ আৰু মহিলা সকলৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰোপৰি বিদায়ী সভানেত্ৰী কিৰণ কলিতাই নিজৰ আবেগিক ভাষণত নৱগঠিত সমিতিখনৰ উন্নতি কামনা কৰি সমিতিখনক  মহিলা সকলৰ বাবে থকা চৰকাৰ বিভিন্ কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷