খেৰণিঃ কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ সাতগাঁৱত আৰু ডংকামোকামৰ আৰটো-কেকানত কাৰ্বি লাংপি ক্লাছটাৰ লেভেল ফেডাৰেচনৰ উদ্যোগত মহিলা আত্ম-সহায়ক গোটৰ দ্বিতীয় বাৰ্ষিক সভা অনুষ্ঠিত গয়৷ 

আত্ম-সহায়ক গোটৰ দ্বিতীয় বাৰ্ষিক সভা আৰু অজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ দুয়ো খন সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে', বৈঠলাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদীয় কাৰ্যবাহী সদস্য জগৎছিং ইংতি, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, লুনছিং টেৰণ, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি উপস্থিত থাকে। 

উল্লেখ্য যে আৰটো-কেকানত আমলং-ছাৰপ ক্লাছটাৰ লেভেল ফেডাৰেচনৰ দ্বিতীয় সংখ্যক বাৰ্ষিক সভাতেই বিধায়ক পুঁজিৰ ছাত্ৰ-ছাত্রীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে বিধায়ক ডঃ মানছিং ৰংপি, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ইয়াৰ উপৰিও আমলং-ছাৰপ ক্লাছটাৰ লেভেল ফেডাৰেচনে ক্ৰয় কৰা এখন অটো' ৰিক্সা প্ৰদান কৰে জোনটি ক্ৰপি নামৰ এগৰাকী দৰিদ্ৰ মহিলাক।

সভাত মহিলা আত্ম-সহায়ক গোটক উদ্দেশ্যে  তুলিৰাম ৰংহাঙে কয় যে, আত্ম-সহায়ক গোটৰ যোগেদি মহিলাসকলে স্বাৱলম্বী হোৱাৰ লগতে সহজে উপাৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰে। আনকি তেওঁৰ পৰিষদীয় সমষ্টিত কেইবাটাও মহিলা আত্ম-সহায়ক গোটে বিভিন্ন কৰ্মৰ মাজেৰে লক্ষ লক্ষ টকা উপাৰ্জন কৰি নিজৰ পুঁজি মজবুত কৰাৰ নজিৰ লাভ কৰা বুলিও উল্লেখ কৰে ৰংহাঙে। 

অনাগত দিনত সমগ্ৰ কাৰ্বি আংলঙৰ প্ৰতিটো মহিলা আত্ম-সহায়ক গোটে নিজৰ কৰ্ম কৌশলেৰে ৰাইজক আদৰ্শৰ বাট দেখুৱাৰ লগতে বিভিন্ন সমস্যা সমাধানত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।