Printer-friendly version

ডিফুঃ দেশ অথবা ৰাজ্য সৰ্বত্ৰে এতিয়া বলিছে নিৰ্বাচনী প্ৰচাৰ ধুমুহা। শাসক-বিৰোধীৰ নেতা পালিনেতাৰ নিৰ্বাচনী ব্যস্ততাই যেন চৌদিশৰ পৰিৱেশ-বতাহ আদি গৰম কৰি তুলিছে সমগ্ৰ দেশজুৰি। ইপিনে অসমতো সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছ-বিজেপিৰ ৰথী-মহাৰথীয়ে ভোট লাভৰ অংকৰে মাকো মাৰিছে এতিয়া ধুবুৰীৰপৰা শদিয়ালৈ বুলিয়েই, দেহত যেন নাই এওঁলোকৰ তৎ, নাই আহৰি, নাই আনকি টুপনিও। 

এক কথাত ক’বলৈ গ’লে নিদ্ৰা হৰণ কৰিছে এওঁলোকৰ আসন্ন লোকসভাৰ নিৰ্বাচনী জ্বৰে। অসমৰ ধুবুৰীত যদি আজমল তেন্তে মধ্য অসমত ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ বিপৰীতে উজনি অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংসদীয় আসন দখলৰ লক্ষ্যৰে ব্যাপক আয়োজন আৰু তৎপতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

অৱশ্যে ব্যতিক্ৰম নহয় তিনি পাৰ্বত্য জিলাৰ ডিফু লোকসভা সমষ্টিতো, অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰালকৈ ডিফু লোকসভা সমষ্টিতো ইমূৰৰপৰা সিমূৰলৈ নেৰানেপেৰাকৈ চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। আজিও কাৰ্বি পাহাৰত ইতিমধ্যে শাসনৰ বাঘজৰি হাতৰ মুঠিত ৰখা বিজেপিয়ে ডিফু লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ৰ হৈ টীম কাৰ্বি আংলঙে অৰ্থাৎ কাৰ্বি পৰিষদৰ সজাতি দল আৰু বিধায়কসকলে ব্যাপক আয়োজনেৰে ডিফুৰ লৰোলাংছত অনুষ্ঠিত কৰিলে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা। 

উল্লেখ্য যে, উক্ত আয়োজিত বিশাল জনসভাত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতন টেৰণ প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল অৰ্থাৎ টীম কাৰ্বি আংলঙৰ সদস্যসকলৰ লগতে পাঁচ সহস্ৰাধিক পুৰুষ-মহিলা আৰু বিজেপি সমৰ্থক উপস্থিত থাকে৷

সভাত ৰাইজক সম্বোধন কৰি বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'য়ে কয় যে কাৰ্বি আংলং ৰাইজৰ বাবে সংগ্ৰাম কৰিছিলো, অনাগত দিনতো সংসদত ৰাইজৰ হকে সংগ্ৰাম কৰিম"। লগতে হৰেনছিং বে'য়ে এইবুলিও কয় যে তেওঁ কাৰ্বি আংলং ৰাইজৰ সহায় সহযোগিতাৰে যদি সাংসদ হ’ব পাৰে তেনেহলে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ দেশৰ প্ৰধানমন্ত্ৰী কৰাত সহায় কৰিব, লগতে অনুচ্ছেদ (২৪৪)এ জৰিয়তে স্বায়ত্ত শাসিত ৰাজ্যৰ যি দাবী সেই দাবী পূৰণ কৰাৰ বাবে, MOS আৰু MOU সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে তেওঁ ৰাইজৰ বাবে সংসদতো সংগ্ৰাম কৰিব বুলি উল্লেখ কৰে হৰেনছিঙে। 

আনহাতে, কংগ্ৰেছক কটাক্ষ কৰি হৰেন ছিঙে কয় যে কাৰ্বি আংলঙৰ বজাৰত কংগ্ৰেছে আৰু টেঙা আম বেচিব নোৱাৰে। কাৰণ কাৰ্বি আংলং ৰাইজে আমৰ সোৱাদৰ কথা গম পাইছে, গতিকে কাৰ্বি আংলঙৰ ৰাইজক আৰু ঠগাৰ কোনো উপায় নাই কংগ্ৰেছৰ হাতত বুলি মন্তব্য কৰে হৰেনছিঙে।

সমান্তৰালকৈ সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাবৰ্গ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে বিজেপিয়ে কৰা ‘সব কা সাথ আৰু সব কা বিকাশ’ৰ কথা উল্লেখ কৰে। বিজেপিয়ে ক্ষিপ্ৰ গতিৰে কৰা বিকাশৰ যি ধাৰা তাক অটুত ৰাখিবলৈ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰংহাঙে। 

দীৰ্ঘদিন ধৰি দাবী কৰি অহা স্বায়ত্ত শাসিত সুকীয়া ৰাজ্য লাভৰ স্বাৰ্থত, কাৰ্বি আংলঙবাসীৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত, জনকল্যানমূলক আঁচনি কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰপৰা লাভ কৰাৰ স্বাৰ্থত আমি বিজেপিত থাকি বিজেপিক সমৰ্থন জনাই বিজেপিৰ প্ৰাৰ্থীক সমাগত লোকসভা নিৰ্বাচনত নিশ্চিতভাৱে জয়ী কৰাই আনিব লাগিব বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে। 

আয়োজিত সভাৰ মজিয়াতে বিজেপিয়ে কাৰ্বি আংলঙৰ বাবে পৰিকল্পনাৰে প্ৰকাশ ১২ দফীয়া উদ্দেশ্য সন্নিবিষ্ট বিজেপিৰ প্ৰচাৰ পত্ৰিকাও ৰাইজৰ হাতে হাতে মুকলি কৰি দিয়ে কাৰ্বি আংলং বিজেপিয়ে।