বোকাজানঃ অসম তথা উত্তৰ-পূৱত ৰামায়ণী সাহিত্য চৰ্চাক এক নতুন মাত্ৰা দি গৈছে মামণি ৰয়চম গোস্বামীয়ে৷ মাধৱ কন্দলীয়ে সেই তাহানিতেই অসমীয়ালৈ অনুবাদ কৰিছিল ৰামায়ণ৷ এই ৰামায়ণী সাহিত্য চৰ্চাত পিছপৰি ৰোৱা নাছিল মৌখিক সাহিত্যত অতিকৈ সমৃদ্ধিশালী জাতি ৰূপে পৰিচিত অসমৰ আদিমতম অধিবাসী কাৰ্বিসকলো৷ কাৰ্বি মৌখিক সাহিত্যত ৰামায়ণৰ বিভিন্ন আখ্যানক লৈ প্ৰচলিত হৈ অহা গীতসমূহ ছাবিন আলুন নামেৰে পৰিচিত৷ এই গীতসমূহ ছাবিন ইংতি নামৰ মহান শিল্পীগৰাকীয়ে গোৱা বাবেই সেয়া ছাবিন আলুন বা ছাবিনৰ গীত হিচাপে জনপ্ৰিয় হৈ পৰে৷  

মুখে মুখে বাগৰি অহা এই ছাবিন আলুনকে এতিয়া নতুন ৰূপ দিবলৈ আগবাঢ়ি আহিছে কাৰ্বিসকলৰ সমৃদ্ধিশালী লোক-সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰণ আৰু গৱেষণাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰা চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক তথা আনছাং হিৰজ অৱ নৰ্থ ইষ্ট ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ধৰমছিং টেৰণে৷ তেওঁৰ প্ৰচেষ্টাত পশ্চিম কাৰ্বি আংলঙৰ উমপানাইৰ মুৰাপ গাঁৱৰ শিল্পী লুঞ্চেপী বাছাপী ৰংহাংপীৰ কন্ঠত যোৱা ১৬ মার্চ আৰু আজি গোটেই দিনটো কাৰ্বি ৰামায়ণ অর্থাৎ ছাবিন আলুনৰ গীত ডিফুৰ ষ্টুডিঅ' ছনছে'ত বাণীৱদ্ধ কৰা হয়৷

লুঞ্চেপী বাছাপী ৰংহাংপীৰ দৰদী কন্ঠত মন্ত্ৰমুগ্ধ পৰিৱেশ

অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনৰ সম্পাদক, কবি-সাহিত্যিক তথা কাৰ্বি লাম্মেত আমেইৰ সহকাৰী সম্পাদক জয়ছিং টকবিয়ে গীত বাণীৱদ্ধকৰণ সম্পৰ্কে NNOৰ আগত কয়, ‘চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ধৰমছিং টেৰণৰ প্ৰচেষ্টাত এই মহৎ কাৰ্য সম্পন্ন হৈছে৷ ১৬ মাৰ্চ আৰু আজিও গীতসমূহ বাণীৱদ্ধ কৰা হয়৷ মই নিজে বাণীৱদ্ধ কৰাৰ সময়ত উপস্থিত আছিলো৷ সেইসময়ত শিল্পী লুঞ্চেপী বাছাপী ৰংহাংপীৰ কন্ঠই আমাক এনেকৈ আপ্লুত কৰি তুলিছিল যে আমি সকলোৱে ৰামায়ণৰ যুগলৈ উভতি যোৱা যেন অনুভৱ হৈছিল৷’

সাহিত্যিক টকবিয়ে আৰু কয়, ‘অতি দৰদী কন্ঠৰ অধিকাৰী লুঞ্চেপী বাছাপী ৰংহাংপীৰ কন্ঠত ৰামায়ণৰ আদিকাণ্ড, অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰা কাণ্ড, লঙ্কা কাণ্ড, উত্তৰা কাণ্ডৰ ঘটনাসমূহ জীপাল হৈ উঠে। উপস্থিত সকলোকে আচৰিত আৰু মন্ত্ৰমুগ্ধ কৰি তোলে প্রকৃতিৰ উপাসক কাৰবিসকলৰ থলুৱা ধৰ্ম হেম্ফু মুক্রাং ধৰ্মত বিশ্বাসী লুঞ্চেপী বাছাপী ৰংহাংপীয়ে নৱা আলুন (নোৱাৰ গীত) গাই। মহাপ্রলয়ৰ সময়ত নোৱাই এখন বৃহৎ নাৱত পৰিয়ালবর্গক লগত লৈ পৰিত্রাণ পোৱাৰ বৃত্তান্ত বৰ্ণনা কৰা আছে। ইয়াৰ পৰা ষ্পষ্ট হয় যে বাইবেলত বর্ণিত নোৱাৰ কাহিনী কাৰবিসকলৰ মাজত কাৰবিসকলৰ একাংশই খৃষ্ট ধৰ্মত দীক্ষিত হোৱাৰ বহু পূৰ্বেই প্রচলিত হৈ আছিল।’

কাৰ্বি প্ৰণয় গীত, নিচুকণি গীতো বাণীৱদ্ধ

লুঞ্চেপী বাছাপী ৰংহাংপীয়ে ছাবিন আলুনৰ ওপৰিও নোৱা আলুন, বংঔ আলুন (প্রণয় গীত) অছ' কাপাদক আলুন (শিশু নিচুকনি গীত) আদি গীতো বাণীবদ্ধ কৰে বুলি টকবিয়ে সদৰী কৰে৷ ‘ৰামায়ণৰ আখ্যানসমূহ এনেদৰে বাণীৱদ্ধ কৰাৰ প্ৰয়োজনীয়তা আমি বহুদিন ধৰি অনুভৱ কৰি আহিছিলো৷ সেয়া আজি পূৰণ হ’ল৷ আমি এনেদৰেই আমাৰ কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিব লাগিব আৰু তেতিয়াহে উত্তৰ প্ৰজন্মই নিজকে শক্তিশালী অনুভৱ কৰিবলৈ সমৰ্থ হ’ব৷’-টকবিয়ে কয়৷

ইফালে, গীত বাণীবদ্ধ প্ৰক্ৰিয়াত চেন্টাৰ ফৰ কাৰবি ষ্টাডিজৰ সঞ্চালক ধৰমছিং টেৰণৰ ওপৰিও কাৰ্বি লোকগীতৰ বিশাৰদ বিখ্যাত গায়ক লুঞ্চেপ' লংছিং বে, কবি-সাহিত্যিক খগেন ইংতি, লুঞ্চেপী কাৰেং ৰংহাংপীয়েও গীত বাণীবদ্ধ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছে বুলি জানিবলৈ দিয়ে৷