গোৰেশ্বৰঃ বিটিএডি কৰ্তৃপক্ষই বাক্সা জিলাৰ কাউৰবাহা, ঢেকীপোতা, ঔখাৰী, লটিবাৰী, জোকমাৰী, গান্ধীবাৰী, খাতপাৰা আদি অঞ্চলৰ লোকক বৈষম্য কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ অঞ্চলসমূহৰ ৰাইজৰ বিভিন্ন সমস্যাৰ লগতে যাতায়াতৰ একমাত্ৰ সম্বল কাউৰবাহা-লটিবাৰী গড়কাপ্তানী পথটোক বিটিচি প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

যোৱা ১৫ বছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গা’ত হোৱাৰ লগতে গাড়ী-মটৰ দূৰৈৰ কথা খোজকাঢ়ি যাবৰ বাবে পৰিৱেশ নোহোৱা হৈছে৷ বছৰ বছৰ ধৰি এটি শিলো নপৰাত কদৰ্যময় হৈ পৰিছে পথটো৷ এই পথটোৰে নিতৌ ঢেকীপোতা নামৰ ঠাইৰ পৰা পুঠিমাৰী নৈৰ বালি ট্ৰাকে ট্ৰাকে বিভিন্ন ঠাইলৈ সৰবৰাহ হয়৷ এই পথটোত চলাচল কৰা ট্ৰাকৰ পৰা সংখ্যালঘু সংগঠন, এটি জনগোষ্ঠীয় ছাত্ৰ সংগঠনে টকা তুলি খাই আহিছে যদিও কোনো দিনে পথটো মেৰামতিৰ বাবে মাত দিয়া নাই৷ উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, বাৱসায়ী সহিতে শ শ লোকে এই পথটোৰে আহ-যাহ কৰে৷

কামৰূপৰ ৰঙিয়া চহৰৰ সৈতে সংযোগ থকা পথটোৰে চুপাৰী, তামোল, ধান আদিৰ ব্যৱসায়ী চলে৷ লটিবাৰী, ঔখাৰী, জকমাৰি, গান্ধীবাৰী, লতিবাৰী, ঢেকীপোতা আদি ঠাইক বিটিচি প্ৰশাসনে বৈষম্য কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ কাউৰবাহা-লতিবাৰী পথটোক সংযোগ কৰা খাতপাৰা-চৌৰাগুৰী পথটো কেইবা কোটি টকা খৰছ কৰি নিৰ্মাণ কৰাৰ পাছতো মূল পথটোক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে৷ খাতপাৰা-চৌৰাগুৰী গ্ৰাম্য পথটোৰ লগে লগে কাউৰবাহা-লতিবাৰী পথটো গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে৷

৫৭নং ৰঙিয়া বিধান সভা সমষ্টিৰ তথা বাক্সা জিলাৰ গোৰেশ্বৰ-তামুলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-লতিবাৰী গড়কাপ্তানি পথটো যোৱা ১৫ বছৰ ধৰি মেৰামতি নকৰাত যাতয়াতৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ বাবে পথটো একেবাৰেই বিধ্বস্ত আৰু জৰাজীৰ্ণ হৈ পৰিছে। পথটো নিৰ্মাণ কৰা বাবে ৰাইজে দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰ আৰু বিটিচি কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ সদৌ অসম গৰিয়া-মৰিয়া-যুৱ-ছাত্র পৰিষদৰ কাউৰবাহা আঞ্চলিক সমিতিয়ে পথটো নিৰ্মাণত গুৰুত্ব আৰোপ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে।

পৰিষদৰ সভাপতি-সম্পাদক ৰচিদুল আলাম আৰু আব্দুল মজিদে একবিবৃতি যোগে শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায়৷ বছৰ বছৰ জৰাজীৰ্ণ হৈ থকা পথটোৰে যাতায়ত কৰাৰ বাবে এতিয়া অসম্ভৱ হৈ পৰিছে। যাতায়তৰ বাবে এতিয়া স্থানীয় ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে। যমৰ যাতনা ভোগ কৰি হ'লেও যাতায়ত চলাই থাকিব লগীয়া হৈছে যদিও চৰকাৰে পথটোক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ কৃষকে নিজৰ উৎপাদিত শস্যৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

চিকিৎসাৰ বাবে ৰোগীক হস্পাতালত নিয়া, ছাত্ৰ-ছাত্ৰীৰ যাতায়তত কেৱল দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে। ইপিনে ধেপাৰগাঁও, মাদৈগাঁও, কাউৰবাহা আদি অঞ্চলৰ পথত এজাক বৰষুণতে পানীত ডুব যোৱা পৰিলক্ষিত হয়। পথৰ মাজত এতিয়া পুখুৰী সদৃশ দ’ গাত। স্থানীয় জনপ্ৰতিনিধি বিধায়ক ভৱেশ কলিতা আৰু বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰীক বহুবাৰে পথছোৱাৰ কাম কৰাৰ বাবে অনুৰোধ কৰা হ'ল যদিও তেওঁলোকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে চৰকাৰ সলনি কৰিলে যদিও বাটপথৰ কোনো পৰিৱৰ্তন সাধন নহ'ল বুলি কৈ গৰিয়া মৰিয়া যুৱ ছাত্র পৰিষদে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু হাগ্ৰামা মহিলাৰীৰ বিটিচি কৰ্তৃপক্ষক দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ সদস্য মহেশ্বৰ বসুমতাৰী, শুক্লাই চেৰফাং সমষ্টিৰ সদস্য গণেশ কছাৰী, বিশ্বজিত দৈমাৰীয়ে, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ নৱ শৰনীয়া, মঙলদৈৰ সাংসদ ৰমেন ডেকাই আজিলৈ পথটো মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰা বুলি ৰাইজে মন্তব্য কৰিছে।