কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ ব’হাগলৈ মাজত মাথো এটা দিন বাকী। গছৰ ন- কুঁহিপাতে আনিছে বিহুৰ বতৰা৷ অসমৰ বাপতি সাহোন ব’হাগৰ আগমনক লৈ সকলোৰে মন উলাহেৰে নধৰা হৈ থকা দেখা গ’ল শনিবাৰে বোকাখাত জাতীয় বিদ্যালয়ত৷

বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোৱে আদৰণি জনালে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক৷ ঢোলে-দগৰে আদৰিলে ৰঙালীক৷ স্বকীয় কৃষ্টি-সংস্কৃতি অটুট ৰাখি অনুষ্ঠিত কৰা জাতীয় বিদ্যালয়খনিৰ ৰঙালীক আদৰণিৰ প্ৰতিটো কাৰ্যসূচীয়েই দৃষ্টিনন্দন তথা মনোগ্ৰাহী৷

ৰঙালীক আদৰণিৰ লগতে উন্মোচন কৰা হয় বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে ১১ খনকৈ প্ৰাচীৰ প্ৰত্ৰিকা৷ বাচকবনীয়া গল্প, কবিতা, সাধুকথাৰ মেটমৰা সম্ভাৰৰ সমাহাৰ এই প্ৰাচীৰ পত্ৰিকাসমূহ৷

এই প্ৰত্ৰিকাসমূহৰ বিচাৰক হিচাবে উপস্থিত থকা গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট কবি, সাহিত্যিক কল্পনা চেতিয়াই আটাইবোৰ প্ৰত্ৰিকাৰেই মান অতিকে উচ্চ পৰ্যায়ৰ হোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনাৰ কথাও দোহাৰে৷

তেওঁ অসমীয়াৰ স্বাভিমান ৰঙালী বিহুটিয়ে যাতে সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ ৰাখি সকলোৱে অসমৰ সংস্কৃতি সমৃদ্ধ কৰি স্বকীয় বৈশিষ্ট্যৰে বিশ্ব দৰবাৰত অসমক উজ্জ্বলাই তোলে সেই আশা ব্যক্ত কৰে৷

অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট কবি, সাহিত্যিক তথা সমাজকৰ্মী নিজৰা বৰঠাকুৰে কয় যে 
আজিৰ বিহুৰ মাজত অতীতৰ লোকসংস্কৃতিৰ প্ৰাণ-প্ৰাচুৰ্য, সজীৱতা আৰু জীৱনৰ উছাহ ক্ৰমান্বয়ে বিচাৰি পাবলৈ নোহোৱা হৈছে৷

আজি বিশ্বায়ন, ধনতন্ত্ৰ আৰু ভোগবাদে অসমীয়া সংস্কৃতিৰ কঠিয়াতলীত অপসংস্কৃতিৰ বীজ সিঁচিছে৷ পৰিৱৰ্তনৰ সোঁতত অতীজৰ কৃষ্টি-সংস্কৃতিয়ে আজি স্বকীয়তা হেৰুৱাৰ লগতে বিহুত বহুতো নতুন উপাদানৰ সংমিশ্ৰণ ঘটিছে৷ 

লোক-জীৱনৰ স্বাৰ্থতে পৰম্পৰাৰ কিছু সালসলনি হ’লেও বাপতিসাহোন বিহুটি যাতে মূল স্থিতিৰপৰা আঁতৰি নগৈ ঐতিহ্য-চেতনাৰে মৌলিক ঠাঁচতেই ৰং-ৰসেৰে অক্ষুণ্ণ থাকে তাৰ বাবে সকলো সচেতন হোৱা উচিত বুলি তেওঁ ভাষণত সকলোকে আহ্বান জনায়।