পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ আগশাৰীৰ বেচৰকাৰী সংগঠন কৰবেট ফাউণ্ডেচনৰ উদ্যোগত বুধবাৰে বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস পালন কৰা হয়৷

মহাবিদ্যালয়খনৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই দিৱসত ছাত্ৰ-ছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰতা বিষয়ত চিত্ৰাংকন, ৰচনা, কবিতা আৰু ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷

অনুষ্ঠানত বোকাখাতৰ জেডিএছজি মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা এই বিশেষ অনুষ্ঠানত জেডিএছজি মহাবিদ্যালয় অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, মহাবিদ্যালয়ৰ উপাধ্যক্ষ মানসী ফুকন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, অৰুণ বিঘ্নেশ, বিদ্যুত বিকাশ বৰা, খণ্ড বন বিষয়া তৰুণ গগৈ, কাজিৰঙাৰ সাংবাদিক পলিমা চেতিয়া বসুমতাৰী, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা সঞ্জীৱ বৰা আৰু ফাল্গুন চেতিয়া আৰু কৰবেট ফাউণ্ডেচনৰ উপ-সঞ্চালক ডা৹ নবীন পাণ্ডে উপস্থিত থাকি জৈৱ বৈচিত্ৰৰ বৰ্ণনা কৰে৷

অনুষ্ঠানতে প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক মান-পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে জৈৱ বৈচিত্ৰ বিষয়ত প্ৰস্তুত কৰা তেওঁলোকৰ ছবি, ৰচনা, কবিতা আৰু ফটোগ্ৰাফৰ বৰ্ণনা কৰে৷