কাজিৰঙাঃ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কাজিৰঙাত৷ শুকুৰবাৰে বোকাখাত বিধান সভা সমষ্টিৰ অধীনত কহঁৰা চাৰিআলিত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত মণি মাধৱ মহন্তই কংগ্ৰেছী পিতা-পুত্ৰ তৰুণ গগৈ আৰু গৌৰৱ গগৈক তুলাধুনা দিয়ে। 

প্ৰতিদ্বন্দী গৌৰৱ গগৈক অদৃশ্য সাংসদ বুলি আখ্যা দি মণি মাধৱে কয় যে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে দাঁতি-কাষৰীয়া জনসাধাৰণৰ উন্নয়ন তথা সেৱালৈ পিঠি দি গৌৰৱ গগৈ ব্যস্ত থাকে দিল্লীৰ গান্ধী পৰিয়ালৰ সেৱাত৷ তৰুণ গগৈৰ গাত ভেজাল তেজ আছে, এতিয়া তেখেতৰ ৰাজনীতি নহয় ধৰ্ম কৰাৰহে বয়স হ’ল বুলি মন্তব্য কৰি গৌৰৱ গগৈৰ বিদেশী পত্নীৰ সন্দৰ্ভতো কটাক্ষ কৰে মণি মাধৱে৷ 

ইফালে, উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ অশ্ৰাৱ্য আৰু অসভ্য কথা কেৱল তৰুণ গগৈ আৰু কংগ্ৰেছীয়েহে ক’ব পাৰে বুলি মন্তব্য কৰি অগপ সভাপতি অতুল বৰাই কয় যে অসমৰ মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীসকলে সকলো ঠাইৰ পৰাই বিজয়ী হ’ব৷ কহঁৰাৰপৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক দুয়োটা দলৰ সমৰ্থকে আগুৱাই নিয়ে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ বছাগাওঁলৈ । বছাগাওঁত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে আজি বৰজুৰি, লতাবাৰী, ডিফলুপথাৰ আদি অঞ্চলতো বোকাখাতৰ বিধায়ক অতুল বৰাৰ সৈতে মণিমাধব মহন্তই নিৰ্বাচনী প্ৰচাৰ চলায়৷

উল্লেখ্য যে, শুকুৰাবাৰে বোকাখাত বিধানসভা সমষ্টিৰ অধীনত অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়চোৱাত বিজেপি দলৰ কৰ্মকৰ্তাৰ সহযোগ দৃষ্টিকটুভাৱেই একেবাৰেই কম হোৱা পৰিলক্ষিত হয়।