কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ বোকাখাতৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাহুল গান্ধী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী অজন্তা নেওগ, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ, বিধায়িকা ৰোজলিনা তিৰ্কী, প্ৰাক্তন বিধায়িকা আৰতি কছাৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকল।

ৰাহুল গান্ধীয়ে ভাষণত কয় নৰেন্দ্ৰ মোডীয়ে যোৱাটো নিৰ্বাচনত বহুতো প্ৰতিশ্ৰুতি দিছিল। কিন্তু কোনো এটা প্ৰতিশ্ৰুতিয়ে তেওঁ পূৰণ নকৰিলে। প্ৰতিজন ব্যক্তিৰ একাউণ্টতে পোন্ধৰ লাখকৈ টকা সোমাব বুলি কৈছিল। কিন্তু সৰ্বসাধাৰণ জনতাৰ একাউণ্টৰ সলনি সোমালগৈ অনিল আম্বানীৰ পকেটত।

মিছলীয়া প্ৰধানমন্ত্ৰী মোডীয়ে পাঁচ বছৰ সময়ত বহুতকে নিবনুৱা কৰিলে, বহুতৰ পকেটৰপৰা টকা উলিয়াই লৈ গ’ল। এতিয়া আমি এটা লাইনত আনিব বিচাৰিছোঁ। ২০ শতাংশ দৰিদ্ৰ পৰিয়ালৰ সকলো মহিলাৰ বেংকৰ একাউণ্টত পাঁচ বছৰত ৩ লাখ ৬০ হাজাৰ টকা দিম। এতিয়া আকৌ নৰেন্দ্ৰ মোডীয়ে প্ৰশ্ন কৰিছে এই টকা কৰ পৰা আহিব? ৰাফাল কেলেংকাৰীৰ জৰিয়তে আম্বানীৰ পকেটত মোডীয়ে ভৰাই দিয়া ধন ওলিয়াই আনি দেশৰ দুখীয়াক বিতৰণ কৰা হ’ব। 

প্ৰথমে আছিল বিজেপিয়ে আচ্ছে দিন আহিব বুলি কৈছিল, এতিয়া আচ্ছা দিনৰ কথা মোডীয়ে নকয়, কয় তেওঁ হেনো চকীদাৰহে। আপুনি যদি কাৰোবাৰ আগত 'চকীদাৰ’ শব্দটো উচ্চাৰণ কৰে তেন্তে শ্ৰুতাজনে কয়, 'চোৰ হ্যে’।

নৰেন্দ্ৰ মোডীৰ গব্বৰ সিং টেক্স আঁতৰাই আমি প্ৰকৃত জি এছ টি প্ৰদান কৰিম। আদানিক ৬ টা বিমান বন্দৰ, অনিল আম্বানীক ৰাফেলৰ ৩০ হাজাৰ কোটি টকাৰ দুৰ্নীতি। উত্তৰ-পূৰ্বৰপৰা special status মোডীয়ে আঁতৰাই দিলে। শাসনত আহিলে উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ special status ঘূৰাই অনাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও কংগ্ৰেছে গৃহীত হ'বলৈ নিদিয়াৰ কথাও ভাষণত উল্লেখ কৰে৷

ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে কৃষি ঋণ মাফ কৰাৰ কথা ক'লে টকা কৰ পৰা আহিব বুলি প্ৰশ্ন তোলে নৰেন্দ্ৰ মোডীয়ে, দুখন প্ৰদেশত ইতিমধ্যে আমি কৃষি ঋণ মাফ কৰিলোঁ। অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত নাগপুৰৰ আৰএছএছে আক্ৰমণ কৰিছে। মোডীয়ে অনিল আম্বানীৰ চকীদাৰী কৰক, কংগ্ৰেছে জনতাৰ লগত থিয় দিব বুলি কয় নেতাজনে।

নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী, ৰেকিবুদ্দিন আহমেদে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মাক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাষণত কয় চকীদাৰ পাৰ্টি ইমান কোটিপতি কেনেকৈ হ'ল, এই চকীদাৰ চোৰ। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে। পৃথিৱীৰ ভিতৰত আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিদেশী খেদাৰ নামত বিদেশীক সংস্থাপিত দিবলৈ কাম কৰিছে নৰেন্দ্ৰ মোডীয়ে। মোডীৰ লগত চেলেঞ্জ কৰিব তৰুণ গগৈয়ে। নৰেন্দ্ৰ মোডী কিমান মিছলীয়া তাৰ প্ৰমাণ দিব পাৰিব তৰুণ গগৈয়ে। নহ'লে গগৈয়ে ৰাজনীতি জীৱন ত্যাগ কৰিব।

হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মানুহ। হিমন্ত বিশ্ব শৰ্মা এজন প্ৰৱঞ্চক বুলি কৈ দেশৰপৰা মোডী হতাও দেশ বচাও বুলি ভাষণ সমাপ্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

ৰাহুল গান্ধীয়ে বোকাখাটত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ মোডীক।