বিশেষ প্ৰতিবেদনঃ কবিয়ে কৈ গৈছে, 'অকল নিজৰ নিমিত্তে নহয়/ আমাৰ জীৱন ভাই/ পৰৰ কাৰণে খাটিব পাৰিলে/ সংসাৰ সুখৰ ঠাই’। এই কথাষাৰ যেন মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ২৭ বছৰীয়া কেৰালাৰ এইজন যুৱকে। সেয়ে জীৱন কালত হাজাৰজনৰ প্ৰাণ ৰক্ষা কৰা যুৱকজনে এতিয়া নিজৰ মৃত্যুৰ পিছতো ৮ জনকৈ লোকক জীয়াই তুলিবলৈ সমৰ্থ হৈছে।জীৱনক প্ৰকৃতাৰ্থত জীৱন ৰূপ প্ৰদান কৰা এই যুৱকজনৰ নাম এছ অনুজিত। কৰ’নাৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে লক্ষ লক্ষ লোকে চাকৰি হেৰুওৱাৰ দৰেকৈ অনুজিতেও হেৰুৱাবলগীয়া হৈছিল চাকৰি। সেয়ে আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পুনৰ নতুন কামৰ সন্ধান কৰিছিল তেওঁ। 

যোৱা ১৪ জুলাইত নতুনকৈ সন্ধান লাভ কৰা কামৰ পৰা ঘৰলৈ উভতি আহোতে কোট্টাৰাক্কাৰ নামৰ এক ঠাইত পথ দুৰ্ঘটনাত পতিত হয় অনুজিত। লগে লগে তেওঁক তিৰুৱনন্তপুৰমৰ কেৰালা ইনষ্টিটিউট  অব মেডিকেল ছায়েন্স চমুকৈ কিমছত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ব্ৰেইন ডেথ ঘোষণা কৰে। ইয়াৰ পিছতে তেওঁৰ পত্নী প্ৰিন্সি আৰু ভগ্নী অজল্যাই চিকিৎসকসকলক অনুজিতৰ শেষ ইচ্ছাৰ কথা অৱগত কৰায়। তেওঁলোকে চিকিৎসকৰ আগত কয় যে মৃত্যু নিশ্চিত বুলি জানি চিকিৎসালয়ৰ বিছনাতে অনুজিতে অংগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

'তেওঁ আমাক চিকিৎসালয়ৰ বিছনাতে অস্ফুট স্বৰেৰে শেষ ইচ্ছাৰ কথা জনাইছিল। কৈছিল যে যদিহে তেওঁ এই পৃথিৱীত আৰু নাথাকে তেন্তে তেওঁৰ অংগই আৰু বহুতকে জীয়াই তুলিব পাৰিব। এয়াই তেওঁৰ শেষ ইচ্ছা আছিল। মই আৰু তেওঁৰ বন্ধুসকলে মিলি সেই শেষ ইচ্ছা পূৰণ কৰিছো। জীয়াই থকা দিনকেইটাতো মই যিকেইদিন লগ পালো সেই আটাইকেইদিন কেৱল মানুহৰ বাবেই কাম কৰি গ’ল আৰু এতিয়া মৰাৰ পিছতো তেওঁ সেয়াই কৰিছে।’-চকুলো মচি স্থানীয় সংবাদ মাধ্যমৰ আগত এইদৰে কয় অনুজিতৰ পত্নী প্ৰিন্সিয়ে।

পত্নী আৰু ভগ্নীৰ মুখেৰে অনুজিতৰ শেষ ইচ্ছাৰ কথা জানিব পাৰি কিমছ হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ চকু, হৃদযন্ত্ৰ, বৃক্ক, ক্ষুদ্ৰান্ত আৰু হাতৰ লগতে মুঠ আঠটা অংগ দানৰ ব্যৱস্থা কৰে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে মঙলবাৰেই অনুজিতৰ হৃদযন্ত্ৰ লিজি হাস্পতাললৈ লৈ যোৱা হয়। তাতেই ছানি যোছেফ নামৰ এজন ৫৫ বছৰীয়া ব্যক্তিৰ দেহত সংস্থাপিত কৰা হয় অনুজিতৰ হৃদযন্ত্ৰ। এনেদৰেই এতিয়া অনুজিতৰ শেষ ইচ্ছাৰ বাবে নতুন জীৱন ওভতাই পাবলৈ সমৰ্থ হৈছে ৰাজ্যখনৰ ত্ৰিপুনিথুৰাৰ বাসিন্দা যোছেফে। আনহাতে কোচিৰ আৰু ৩ জন লোকৰ দেহত অনুজিতৰ চকু, বৃৃক্ককে ধৰি বাকী অংগসমূহ সংৰোপণৰ ব্যৱস্থা কৰা হৈছে।

১০ বছৰ পূৰ্বে অনুজিতে বচাইছিল ১০০০ লোকৰ প্ৰাণ

সেয়া ২০১০ চনৰ ১ ছেপ্টেম্বৰৰ কথা। তেতিয়া অনুজিতৰ বয়স ১৭ বছৰ। সেই সময়ত অনুজিত আছিল স্থানীয় এখন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং প্ৰতিষ্ঠানৰ ছাত্ৰ। বন্ধুসকলৰ সৈতে সেইদিনা কোট্টাৰক্কৰাৰ ৰেলপথৰ সমীপৰে গৈ আছিল অনুজিত। তেনেতে অনুজিতৰ ৰেলৱে ট্ৰেকত থকা এটা ক্ৰেক (ফাঁট)ত চকু পৰে। ৰেল পথত দেখা দিয়া ফাঁটটোক লৈ কি কৰা যায় সেয়া ভাবিবলৈ লওতেই হৰ্ণ বজাই ৰেল এখন আহি থকা দেখিবলৈ পায়।

ৰেলখন ৰখাব নোৱাৰিলে দুৰ্ঘটনা নিশ্চিত বুলি অৱগত হৈ পিঠিত থকা কিতাপৰ ৰঙা বেগটোৰেই বন্ধুসকলৰ হকা-বাধালৈ গুৰুত্ব নিদি অনুজিতে ট্ৰেকত থিয় হৈ ৰেলখনক ৰাখিবলৈ ছিগনেল দিয়ে। অনুজিতক দেখি লগৰীয়াসকলেও ৰেল লাইনলৈ উঠি আহি যিয়ে যেনেকৈ পাৰে তেনেকৈ ছিগনেল দিবলৈ আৰম্ভ কৰে। সমুখত কেইজনমান যুৱকে  ছিগনেল দি থকা প্ৰত্যক্ষ কৰি ৰেলখনৰ চালকে বিপদৰ উমান পাই গতিবেগ হ্ৰাস কৰে। এনেদৰেই সেইদিনা যাত্ৰীবাহী ৰেলখনত থকা অতিকমেও এহেজাৰ লোকৰ প্ৰাণ ৰক্ষা পেলাইছিল অনুজিতে।

নিজৰ জীৱনকো তুচ্ছ কৰি সাহসেৰে কেবাশতাধিক লোকৰ প্ৰাণ ৰক্ষা কৰা অনুজিতৰ কথা জানিব পাৰি স্থানীয় প্ৰশাসনে তেওঁক সাহসিকতাৰ পুৰস্কাৰো প্ৰদান কৰিছিল। ৰেল বিভাগৰ তৰফৰ পৰাও তেওঁক জনোৱা হৈছিল সন্মান। এসময়ত হাজাৰজনৰ জীৱন বচোৱা যুৱকজনৰ অকাল মৃত্যুৰ কথা জানিব পাৰি হতচিকত হৈ পৰিছে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজা।

এক বিবৃতিত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অনুজিতৰ খবৰটো শুনাৰ লগে লগে মোৰ ১০ বছৰ আগৰ সেই কিশোৰজনৰ ছবিখনেই মনলৈ আহি আছে। জীৱিত কালত মাত্ৰ ১৭ বছৰ বয়সতে হাজাৰজনৰ জীৱন ৰক্ষা কৰা যুৱকজনে এতিয়া মৃত্যুৰ পিছতো ৮ জন লোকক নতুন জীৱন প্ৰদান কৰিলে। ইয়াতকৈ আৰু মহান কাম কি হ’ব পাৰে এই পৃথিৱীত!’

অংগ কঢ়িয়াবলৈ হেলিকপ্তাৰৰ ব্যৱস্থা কৰিলে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে

অনুজিতে দান কৰা অংগ যাতে সময়মতে ৰোগীৰ শৰীৰত সংস্থাপন কৰিব পৰা যায় তাৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰই বিজয়নে তাৎক্ষণিকভাৱে হেলিকপ্তাৰৰ ব্যৱস্থা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে প্ৰদান কৰা হেলিকপ্তাৰযোগে দান কৰা অংগ অনুজিতে শেষ নিশ্বাস ত্যাগ কৰা কিমছ হাস্পতালৰ পৰা অংগ সংস্থাপন কৰিবলগীয়া ৰোগী চিকিৎসাধীন হৈ থকা হাস্পতাললৈ লৈ যোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সাহসী অনুজিতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অংগদানৰ ইচ্ছা প্ৰকাশ কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ মহানুভৱতাৰো শলাগ লয়। 

কেনেদৰে দুৰ্ঘটনাত পতিত হৈছিল অনুজিত?

অনুজিতৰ এজন বন্ধু পি প্ৰেমচন্দে মুম্বাই মিৰ’ৰক জনোৱা মতে ১৪ জুলাইৰ নিশা প্ৰায় ১১.৩০ বজাত ভাগৰুৱা অনুজিতে বাইকযোগে নতুনকৈ যোগদান কৰা কামৰ পৰা ঘৰলৈ আহি আছিল। সেইসময়তে ৰাস্তা পাৰ হ’বলৈ ধৰা এজন লোক বাইকৰ সমুখত পৰে। লোকজনক বচাবলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ ৰাস্তাত ছিটিকি পৰে অনুজিত। সেই সময়ত অনুজিত হেলমেট পিন্ধি আছিল যদিও হেলমেট ওলাই যোৱাত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। 

বন্ধুজনে আৰু জনোৱা মতে, কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ পূৰ্বে এখন ব্যক্তিগত খণ্ডৰ ইঞ্জিনীয়াৰিং কলেজত গাড়ী চালক হিচাপে কৰ্তব্যৰত আছিল উচ্চতৰ মাধ্যমিকৰ পিছত বৃত্তিমুখী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুজিত। কিন্তু লকডাউনৰ পিছতো শিক্ষানুষ্ঠানসমূহ খুলি নিদিয়াত তেওঁ কাম হেৰুৱাবলগীয়াত পৰে। 

লকডাউনৰ বাবে চাকৰি হেৰুওৱা অনুজিতে আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে নতুন চাকৰিৰ সন্ধান কৰে আৰু ঘৰৰ পৰা কেই কিলোমিটাৰ দূৰৰ নগৰাঞ্চলত এটি ছেলছমেনৰ কাম লাভ কৰে। দুৰ্ঘটনা সংঘটিত হ’বৰ দিনা সেই কামৰ পৰাই বাইকযোগে আহি আছিল অনুজিত। প্ৰায় ৩ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা অনুজিতৰ এটি আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান আছে বুলিও বন্ধুজনে জানিবলৈ দিছে।

কেলভিন জয়েও জয় কৰিলে মৃত্যুক 

অনুজিতৰ লগতে একে সময়তে কেৰালাৰ এৰ্নাকুলামৰ ৩৯ বছৰীয়া কেলভিন জয় নামৰ লোকজনেও ৮ জন লোকক মৃত্যুৰ পিছত জীৱনদান কৰে। যোৱা শনিবাৰে এইজন ৩৯ বছৰীয়া লোক ব্ৰেইন হেমাৰেজত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়। পিছত তেওঁৰ শেষ ইচ্ছা অনুযায়ী পৰিয়ালৰ লোকসকলে অংগদানৰ ব্যৱস্থা কৰে।

কেৰালা চৰকাৰৰ আধুনিক অংগদান আঁচনি 'মৃত সঞ্জীৱনী’ৰ এগৰাকী বিষয়া ডাঃ নোবেল গ্ৰেছিয়াছে জনোৱা মতে একে সময়তে দুজন লোকে অংগদান কৰাৰ পিছত সেয়া ১৬ জনকৈ লোকৰ দেহত সংস্থাপনৰ ব্যৱস্থা কৰা ঘটনা দেশত এয়ে প্ৰথম। 'দুজন লোকৰ অংগ একেসময়তে ১৬ জনকৈ লোকৰ দেহত সংস্থাপন কৰা ঘটনা কেৰালাতে নহয় ভাৰততে প্ৰথম। এনেদৰেই আমি মৃত্যুৰ পিছতো বহুজনক জীয়াই তুলিব পাৰো। সমগ্ৰ দেশবাসীয়ে অনুজিত আৰু কেলভিনৰ দৰেকৈ অংগদান কৰিবলৈ আগবাঢ়ি অহা উচিত।’-এইদৰে কয় ডাঃ গ্ৰেছিয়াছে। 

উল্লেখ্য যে ভাৰতত অংগদানৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও এতিয়াও সৰ্বসাধাৰণে ইয়াৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হোৱা নাই। ফলত অংগৰ অভাৱত প্ৰতিদিনে বহু লোকে মৃত্যুক সাবতি ল’বলগীয়া হৈছে। একেদৰে মৰণোত্তৰ অংগদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰা লোকৰ সংখ্যা তেনেই তাকৰ হোৱা বাবে বৃক্কদানৰ ক্ষেত্ৰত বিভিন্ন চিকিৎসালয়ত এখন অবৈধ বজাৰ গঢ় লৈ উঠাও দেখা গৈছে।