ফখৰুল ইছলাম, মঙলদৈঃ দৰঙৰ মংগলদৈ সমষ্টিত ১ ম ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ৪,৭২২ টা ভোটৰ ব্যৱধানত  আগবাঢ়ি আছে।

 

মঙলদৈ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতা আৰু বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ মাজত হ’ব মূল যুঁজ৷

আজি পুৱাৰ ভাগতেই কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী দুগৰাকী মঙলদৈ মহাবিদ্যালয়ত আহি উপস্থিত হৈছে৷

মঙলদৈ মহাবিদ্যালয়ত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া৷

দুয়োগৰাকী প্ৰাৰ্থীৰ আশা মঙলদৈ লোকসভা সমষ্টিৰপৰা বিপুল ভোটত জয়ী হ’ব৷

মঙলদৈ লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া৷