ডিজিটেল ডেস্ক |খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া নগৰ সংলগ্ন অচিনতলা খেতেশ্বৰত অৱস্থিত প্ৰাইভেট চিকিৎসা কেন্দ্ৰ মনচুৰীয়া নাৰ্চিং হোমত বিনামূলীয়া নাক, কাণ আৰু ডিঙি ৰ চিকিৎসা শিবিৰৰ জড়িয়তে দুখীয়া শ্ৰেণীৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয়৷

চিকিৎসা কেন্দ্রটোৰ স্বত্বাধিকাৰী স্বাহাজল হকে আয়োজন কৰা এই বিনামুলীয়া চিকিৎসা শিবিৰটোত বেচিমাৰী, দলগাঁও, চৰাঞ্চলৰ লগতে খাৰুপেটীয়া নগৰ আৰু নগৰ সংলগ্ন গাঁও অঞ্চলৰ পৰা মুঠ ২৫০ গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয়৷ 

চিকিৎসা শিবিৰটোত চিকিৎসক হিচাপে চিকিৎসা প্ৰদান কৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা০ হেমন্ত ডেকাই। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উক্ত চিকিৎসা কেন্দ্ৰটোত বিনামূলীয়া চকু চিকিৎসাও প্ৰদান কৰা হৈছিল বুলি জানিব পৰা গৈছে৷