♦ তুলিৰাম ৰংহাং ভাৰ্ছেছ অৰুণ টেৰাংঃ নিৰ্বাচন জয়ীৰ ক্ষেত্ৰত কোন হ’ব নায়ক আৰু কোন হ’বগৈ খলনায়ক?

খেৰণিঃ ঐতিহ্যমণ্ডিত কাৰ্বি ৰজাৰ ৰাজদৰবাৰস্থিত হামৰেনৰ ৰংহাং-ৰংবঙত তীব্র গতিত চলিল বিজেপিৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বিজেপি নেতা-কৰ্মী আৰু সমৰ্থকৰ মুখত এতিয়া কেৱল আখৈ ফুটা দি ফুটিছে বিজেপি চৰকাৰৰ জয়গান আৰু "আকৌ এবাৰ, মোডী চৰকাৰ", ''ভাৰত মাতা কি জয়’’, ''নৰেন্দ্ৰ মোডী জিন্দাবাদ’’ আদি।

মুঠতে তদানীন্তন কংগ্ৰেছ দলৰ হাতৰপৰা শাসনৰ বাঘজৰী নিজৰ হাতলৈ আজুৰি অনা বিজেপিয়ে এইবাৰ গৰিষ্ঠ সংখ্যাত সাংসদীয় আসন দখলৰ বাবে ভিন্ন পন্থা, কৌশল, নিৰ্বাচনী ৰণনীতি আদি অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

উল্লেখিত তিনি পাৰ্বত্য জিলাক সামৰি লোকসভা নিৰ্বাচনৰ বাবে ডিফু লোকসভা সমষ্টিৰপৰা বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী হৰেন ছিং বে'ৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা তিনিখনৰ বিজেপিয়ে কঠোৰ পৰিশ্ৰম আৰু চেষ্টা অব্যাহত ৰখা দেখা গৈছে। 

তেনে সময়তে কিন্তু বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেন ছিং বে'ৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙে বে'ৰ প্ৰাৰ্থিত্ব লাভক লৈ বিৰোধিতা কৰিছে। আনকি টেৰাঙে প্ৰকাশ কৰা মুকলি বিৰোধিতাৰ চৰ্চিত বিষয়টোয়ে ইতিমধ্যে সংবাদ মাধ্যমত অন্যতমভাৱে এক স্থানো দখল কৰিছে।

কিন্তু প্ৰশ্ন হ’ল কাৰ্বি আংলং জিলাত তুলিৰাম ৰংহাংবাহিনী আৰু অৰুণ টেৰাঙৰ মাজত সৃষ্টি হোৱা নতুন বিজেপি-পুৰণি বিজেপি বোলা বিষয়টোয়ে অথবা কাৰ্বি আংলং বিজেপিত সৃষ্টি হোৱা বিসম্বাদৰ চৰ্চিত বিষয়টোয়ে সঁচাকৈ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব নে?

সঁচাকৈ বাৰু কংগ্ৰেছক প্ৰত্যাহ্বান জনোৱা পাৰ্বত্য বিজেপিয়ে দলত সৃষ্টি হোৱা বিসম্বাদ অথবা অৰুণ টেৰাঙৰ বিধিপথালিক লৈ সংকটত পৰিব নেকি, নে বিজেপিৰ ঢৌ আৰু তুলিৰামৰ শক্তি-ক্ষমতাৰে কাৰ্বি পাহাৰত বিজয়ী ধ্বজা উৰুৱাই শেষ হাঁহি মাৰিব বিজেপিয়ে? 

সমাগত নিৰ্বাচনত ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী লাভ কৰোৱাৰ ক্ষেত্ৰত কোন হ’ব পাৰে নায়ক আৰু কোন হ’ব পাৰে বাৰু খলনায়ক? এনে বহুবোৰ প্ৰশ্নৰ উদয় হৈছে এতিয়া কাৰ্বি পাহাৰৰ জনতাৰ মনত। 

উল্লেখ্য যে ইয়াৰ মাজতেই পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত কাৰ্বি ৰজাৰ ৰাজদৰৱাৰস্থিত ৰংহাং-ৰংবঙত দেওবাৰে বিজেপিৰ এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। সভাত উপস্থিত থকা শতাধিক ৰাইজক সম্বোধন কৰি অতিথিৰূপত অংশগ্ৰহণ কৰা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে উল্লেখ কৰে যে পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ আমোলত পাহাৰে কন্দৰে আৰু অতি দূৰ্গম অঞ্চলত বাস কৰা ৰাইজে উন্নয়ন আৰু বিকাশৰ মুখ দেখা নাছিল যদিও বিজেপি চৰকাৰ হোৱাৰ লগে লগে বাটপথ, বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপানী, কল্যাণমূলক আঁচনি আদিৰ যোগে বাসগৃহ, শৌচালয়, স্বাস্থ্য সেৱা ব্যৱস্থা, চিকিৎসা সেৱাৰ বাবে আৰ্থিক সাহায্য আদি লাভ কৰিবলৈ সক্ষম হৈছে।

আৰু ভৱিষ্যতেও চৰকাৰৰপৰা এনে সুবিধা আৰু ব্যৱস্থা লাভ কৰি থাকিবলৈ হ’লে সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰোৱাই বিজেপি দল আৰু চৰকাৰক শক্তিশালী কৰি ৰাখিব লাগিব বুলি মন্তব্য কৰাৰ লগতে বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় মংগলছিং তিমুঙে।

আনহাতে আজিৰ সভাৰ মজিয়াতে পুনৰ হামৰেন সমষ্টিৰ বৃহত্তৰ ৰংহাং-ৰংবং অঞ্চলৰ প্ৰায় দহোধিক পৰিয়ালে বিৰোধী কংগ্ৰেছ, এএছডিচি, অগপ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। 

উল্লেখিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ', পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা মংগল বে, আৰচন ৰংহাং, লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দৰ লগতে কেবাশতাধিক লোক উপস্থিত থাকে।