♦ কংগ্ৰেছ-বিজেপি দুৰ্নীতিকাৰী, শোষণকাৰী, ভ্ৰষ্টাচাৰী দলঃ লিয়েন কচন

খেৰণিঃ লক্ষ্য লোকসভা নিৰ্বাচন। "এক উত্তৰ পূৰ্বাঞ্চল, এক উচ্চাৰণ"ৰ শ্ল’গানেৰে নেচনেল পিপুলছ পাৰ্টী, চমুকৈ এনপিপিয়ে ইতিমধ্যে ব্যাপকভাৱে শিপাইছে ডিমা হাছাও আৰু কাৰ্বি আংলঙত। 

কংগ্ৰেছ-বিজেপিৰ সমান্তৰালকৈ এনপিপিয়েও বৃহত্তৰ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত তীব্রতৰভাৱে চলায় গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সম্প্ৰতি দুৰ্নীতিকাৰী, শোষণকাৰী, ভ্ৰষ্টাচাৰী দল হিচাপে কংগ্ৰেছ-বিজেপিক অভিহিত কৰি বৃহস্পতিবাৰো এনপিপিয়ে ব্যাপক তৎপতাৰে নিৰ্বাচনী প্ৰচাৰ চলায় পশ্চিম কাৰ্বি আংলঙৰ খেৰণি মাজবস্তি, জেংখা আদি অঞ্চলত।

দলীয় নেতা-কৰ্মীসহ উপস্থিত হোৱা এনপিপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী লিয়েন কচনে সভাত উপস্থিত শতাধিক পুৰুষ-মহিলা আৰু সমৰ্থকক উদ্দেশ্যি কয় যে এনপিপি হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণক একত্ৰিত কৰি উন্নয়ন আৰু বিকাশৰ দিশে আগুৱাই নিয়া এখন জনবহুল মঞ্চ। 

সামগ্ৰিকভাৱে কংগ্ৰেছ, এএছডিচি আৰু বিজেপিৰ ৬০ বছৰীয়া শাসনকালত কাৰ্বি আংলং অথবা পাহাৰীয়া ৰাইজৰ যি উন্নয়ন আৰু বিকাশ হ’ব লাগিছিল, সেয়া কিন্তু ৰাইজে আজিকোপতি পাবলৈ সক্ষম হোৱা নাই।

ইয়াৰ বাবে জগৰীয়া অথবা এনে কূটনীতিৰ অন্তৰালত আছে তদানীন্তন চৰকাৰসমূহৰ লগতে বিজেপি চৰকাৰখন বুলি মন্তব্য কৰে এনপিপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী লিয়েন কচনে। লগতে পাৰ্বত্য জিলাকেইখনত বসবাস কৰা জাতি-জনগোষ্টীৰ মাজত বিভাজন আৰু সংঘাতৰ সৃষ্টি কৰি কংগ্ৰেছ-বিজেপি তথা বৰ বৰ নেতাই জাতি-জনগোষ্টীৰ ঐক্য, সংহতি আৰু শক্তিত ব্যাঘাত জন্মাই সাংবিধানিক অধিকাৰ লাভ, ন্যায্য প্ৰাপ্য আদিৰপৰা বঞ্চিত কৰি আহিছে।

লংকা পালেই যেন ৰাৱণ হৈ পৰে জনপ্ৰতিনিধিসকল, পাহৰি যায় প্ৰতিশ্ৰুতিবোৰ। দিছপুৰ, দিল্লী পোৱাৰ পাছতেই জনগণলৈ পিঠি দি ব্যস্ত হৈ পৰে ৰইনাৰে ধান চপোৱাৰ দৰে দুহাতেৰে ধন চপোৱা কাৰ্যত। 

অভিলাষী আঁচনি, জনকল্যানমূলক আঁচনি, প্ৰতিশ্ৰুতি আদিৰ কথাৰে নিৰ্বাচনী টোপ দি পাৰ্বত্য জিলাত বসবাস কৰা ভিন্ন জাতি-জনগোষ্ঠীৰ ভোটেৰে নিৰ্বাচিত হৈ আসন দখল কৰে কংগ্ৰেছ-বিজেপিৰ নেতাসকলে কিন্তু তাৰ পাছত জাতি-জনগোষ্ঠীয়ে নিজৰ অধিকাৰ আৰু ন্যায্য প্ৰাপ্য বিচাৰিলে তেওঁলোকৰ দৃষ্টিত সংখ্যালঘু হৈ পৰে জাতি-জনগোষ্ঠীৰ লোকসকল পাৰ্বত্য জিলাকেইখনত বুলি মন্তব্য কৰে কচনে। 

ইয়াৰ পাছতেই জাতি-জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত, সাংবিধানিক অধিকাৰ লাভ, ন্যায্য প্ৰাপ্য আদিৰ স্বাৰ্থত এনপিপিৰ প্ৰাৰ্থীক ৰাইজৰ বহুমূলীয়া ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় কচনে।