খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত তেলেহৰত বুধবাৰৰপৰা আৰম্ভ হয় প্ৰথম সংখ্যক এম এ চি কাপ চেম্পিয়নশ্বিপ-১৮ ফুটবল প্ৰতিযোগিতা।

উল্লেখ্য যে প্ৰতিযোগিতাখনত সমষ্টিটোত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিত্তিত মুঠ ১৬ টাকৈ ফুটবল দলে প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্যৰে ইতিমধ্যে যোগদান কৰিছে। ইফালে আয়োজিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চেকার্টু ভোট কেন্দ্ৰ আৰু দেউৰী-ইংলেং কেন্দ্ৰ দল দুটাই।

উল্লেখ্য যে আজি অনুস্থিত হোৱা খেলখনত উপস্থিত থকা কেইবা শতাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি এক উত্তেজনাপূৰ্ণ পৰিৱেশেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় দুয়োটা দলে।

লগতে খেলখনৰ আৰম্ভণিৰেপৰা অন্তিম মুহূৰ্তলৈকে সুন্দৰ খেল প্ৰদৰ্শনেৰে এক আলোড়ন সৃষ্টি কৰে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক দৰ্শক তথা ক্ৰীড়া অনুৰাগীৰে ভৰি থকা খেলপথাৰত দুয়ো দলে আক্ৰমণ-প্ৰত্যাক্ৰমনেৰে খেলখনৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দেউৰী-ইংলেং কেন্দ্ৰৰ ফুটবল দলটোৱে চেকার্টু ভোট কেন্দ্ৰ দলটোক ৪ গল প্ৰদান কৰিবলৈ সক্ষম হয়।

অৱশেষত এইদৰে ৪-০ গলৰ ব্যৱধানেৰে দেউৰী-ইংলেং কেন্দ্ৰৰ ফুটবল দলটো বিজয়ী হয়। ইপিনে কেইবাগৰাকী ৰেফাৰীৰ সহায়ত অনুষ্ঠিত হোৱা টুৰ্নামেন্টখনৰ চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, পশ্চিম কাৰ্বি আংলং বি জে পি জিলা সমিতিৰ সভাপতি অৰুণ টেৰাংসহ সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, পৰিষদীয় সদস্য ক্ৰমে মংগলছিং তিমুং, দৰছিং ৰংহাং, প্রভাত টাৰ', হামৰেন সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ'কে আদি কৰি ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা অনুষ্ঠানত।