খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বি জে পিৰ এখন সভা। 

উল্লিখিত সভাত পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী চুম ৰংহাং উপস্থিত হোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি আংলঙৰ দুই বিধায়ক ক্ৰমে বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি ৰতন টেৰণ, অৰুণ টেৰাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ, পৰিষদীয় সদস্যবৃন্দ, বি জে পি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। 

উল্লেখযোগ্য যে উক্ত সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে মন্ত্ৰী চুম ৰংহাং উপস্থিতিত ৪৫ টাকৈ পৰিয়ালে কংগ্ৰেছ আৰু এইচ এছ ডি চি দল ত্যাগ কৰি বি জে পিত যোগদান কৰে। সভাখনত দলীয় স্থিতি, শক্তি, কাম-কাজ আদি দলৰ নিৰ্দেশত হৈছে নে নাই সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে দলৰ নেতা-কৰ্মীয়ে দলৰ নীতি-আদৰ্শ মানি নিজৰ কৰণীয় কাম কৰিছে নে নাই সেই বিষয়েও আলোচনা কৰা হয়৷ 

আনহাতে দলক কিদৰে শক্তিশালী কৰি সমাগত সাংসদ নিৰ্বাচনত বি জে পিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বা সমাগত চহৰ সমিতি নিৰ্বাচনত কাক কেনেকৈ দলৰপৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে উপযুক্ত আৰু আশানুৰূপ সুফল লাভ কৰিব বা বি জে পিৰ দখলত থাকিব সেই বিষয়েও বিশ্লেষণাত্মকভাৱে আলোচনা কৰা হয়৷