খেৰণিঃ কি দেশ, কি ৰাজ্য সকলোতে কেৱল এতিয়া নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততা। আসন্ন লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ ধুমুহাই এতিয়া ছানি ধৰিছে সমগ্ৰ কাৰ্বি আংলঙক। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তথা সাংসদীয় আসন দখলক লক্ষ্য কৰি জিলাখনত দিনকদিনে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা আৰু প্ৰচাৰ অভিযানৰ প্ৰতিযোগিতা।

 দিন ৰাতি একাকাৰ কৰি প্ৰত্যেকটো ৰাজনৈতিক দলেই ভোট লাভৰ অংকৰে নামি পৰিছে প্ৰচাৰ আৰু ভোট লাভৰ অভিযানত, বৃদ্ধি পাইছে নেতা পালিনেতাৰ ব্যস্ততা পাহাৰীয়া জিলাখনত। 

মুঠতে পাহাৰীয়া জিলাখনত এফালে কংগ্ৰেছে যদি বিজেপিক সমালোচনাৰে আক্ৰমণ কৰি কংগ্ৰেছৰ দূৰ্গ মজবুত কৰাৰ চেষ্টা কৰিছে আনফালে আকৌ বিজেপিয়ে কংগ্ৰেছ-এ এছ ডি চি দলৰ নেতাকৰ্মীক বিজেপিত যোগদান কৰোৱাৰ বিপৰীতে বিজেপি চৰকাৰে দেশ আৰু ৰাজ্যত সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সাধন কৰা স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত চৰকাৰ বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে বিজেপি নেতাকৰ্মীয়ে। 

উল্লেখযোগ্য যে, আজিও বিজেপিৰ প্ৰচাৰ অভিযানৰ এক অংশ হিচাপে প্ৰতিকূল বতৰকো নেওচি পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ নক-টেৰাং আৰু ৰং-কাৰ্বিত হামৰেন বিজেপিয়ে অনুষ্ঠিত কৰে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে বিজেপিৰ নিয়োজিত পৰ্যবেক্ষক, হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ', পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেন নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ', বিজেপি নেতা লংছিং ৰংফাৰ, প্ৰতাপ টেৰাং, বিজেপি মহিলা নেতৃবৃন্দকে ধৰি কেবাশতাধিক পুৰুষ-মহিলা উপস্থিত থাকে। 

সভাত উপস্থিত ৰাইজক সম্বোধন কৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে "কাৰ্বি আংলঙত কংগ্ৰেছ এতিয়া সংকটত পৰিছে, নিঃশেষ হৈ গৈছে কংগ্ৰেছ, বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ শক্তি নাই আৰু কংগ্ৰেছৰ" বুলি মন্তব্য কৰে। আনহাতে পাহাৰীয়া অঞ্চলৰ উন্নয়ন আৰু বিকাশৰ লগতে জনহিতৰ স্বাৰ্থত আমি সদায় চৰকাৰ পৰিচালনা কৰা দলত একত্ৰিতভাৱে থাকিব লাগিব, তেহে আমাৰ উদ্দেশ্য আৰু স্বাৰ্থ পূৰণ হব বুলি উল্লেখ কৰে তিমুঙে। 

দেশ, ৰাজ্য আৰু কাৰ্বি পৰিষদীয় চৰকাৰ ইতিমধ্যে বিজেপিয়ে গঠন কৰি পৰিচালনা কৰি আছে, গতিকে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি সদায় বিজেপিত থাকি বিজেপিক সহায় সহযোগ আগবঢ়াই যাব লাগিব বুলি প্ৰকাশ কৰে। লগতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ক ৰাইজৰ বহুমূলীয়া ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় মংগলছিং তিমুঙে। নক-টেৰাঙত আয়োজন কৰা জনসভাত আজি বৃহত্তৰ অঞ্চলটোৰ ৩০ পৰিয়ালে বিৰোধী কংগ্ৰেছ, এ এছ ডি চি, অগপ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।