খেৰণি, কনক দেউৰী

খেৰণিঃ উচ্চ শিক্ষা প্ৰদানৰ লক্ষ্যৰে জেংখাস্থিত প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত। দীৰ্ঘবছৰ ধৰি বৃহত্তৰ জেংখা অঞ্চলত শিক্ষাৰ ক্ষেত্রখনত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ শিক্ষা প্ৰদানত ছাত্ৰ-ছাত্ৰীৰ মাজত যোগাত্মক প্ৰভাৱ পেলাই থকা জেংখাস্থিত প্ৰণবানন্দ বিদ্যা মন্দিৰ নামৰ শিক্ষানুষ্ঠানখনে বৃহত্তৰ অঞ্চলটোত উচ্চ শিক্ষা প্ৰদানৰ লক্ষ্যৰে মাধ্যমিক বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱা বুধবাৰৰপৰা আনুষ্ঠানিকভাৱে উন্নীত কৰে। 

ইয়াৰ বিপৰীতে উক্ত শিক্ষানুষ্ঠানখনত একাদশ শ্ৰেণীৰ পাঠদানৰ বাবে নিৰ্মান কৰা শ্ৰেণীকক্ষৰ শুভ উদ্বোধন কৰাৰ লগতে ইং ১৩ জুনৰপৰা শিক্ষানুষ্ঠানখনত নিয়মীয়াকৈ শিক্ষার্থীক পাঠদান কৰাৰ কথা ঘোষণা কৰে বিদ্যালয় কৰ্তৃপক্ষই। এনে কাৰ্যসূচীৰ অংশ হিচাপে শিক্ষানুষ্ঠানখনত এখন উন্নীতকৰণ সভাৰো আয়োজন কৰে। 

সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে অংশ লৈ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু উপস্থিত শিক্ষক শিক্ষয়িত্ৰীক লক্ষ্য কৰি কয় যে শিক্ষাই সুস্থসমাজ গঢ়াৰ লগতে শিক্ষাই সমাজক উন্নতিৰ দিশে আগুৱাই নিয়াত সহায় কৰে। গতিকে আমি সদায় পাহাৰীয়া জিলা কাৰ্বি আংলঙত গুণগত শিক্ষা বিস্তাৰ কৰা, শৈক্ষিক সুপৰিৱেশ গঢ় দিয়া, শিক্ষাৰ হাৰ আৰু মান উন্নত কৰাৰ ক্ষেত্ৰত সকলোৱে মনোযোগ দিয়াৰ লগতে এই ক্ষেত্রত গুৰুত্ব প্ৰদান কৰাৰ বাৰুকৈ প্ৰয়োজন আছে বুলি মত পোষণ কৰে তিমুঙে। 

লগতে শেহতীয়াকৈ শিক্ষানুষ্ঠানটিৰ ভৱিষ্যত উত্তৰ-উন্নতি আৰু গৌৰৱ, সুনাম আদি কঢ়িয়াই অনাৰ প্ৰাৰ্থনা কৰে মঙ্গলছিং তিমুঙে। সভাত বৈঠালাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিৰ বিপৰীতে স্বামী সাধনানন্দজী মহাৰাজ, লামডিং প্ৰণবানন্দ বিদ্যা মন্দিৰৰ অধ্যক্ষ শ্বেখৰ চক্ৰৱৰ্তী, হামৰেন আৰু কপিলী গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ক্ৰমে ছাৰছিং ফাংছ', হনছিং তেৰাং, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছৰ উপৰিও অন্যান্য অতিথি, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, ভাষণ প্ৰসংগত বিধায়ক ডঃ মানছিং ৰংপিয়েও প্ৰাসংগিক কথা আৰু বিভিন্ন উদাহৰণ দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে অঞ্চলটোলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই অনাৰ বাবে উৎসাহ উদ্দীপনা দিয়ে।