খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰত অৱস্থিত হামৰেন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এখন উল্লেখযোগ্য শিক্ষক-অভিভাৱকৰ সন্মিলিত সভা। 

সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ আৰু অভিভাৱকৰ উপস্থিতিৰে আয়োজন কৰা সন্মিলিত মুকলি সভাত মুখ্য অতিথিৰূপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে উক্ত বিদ্যালয়খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চাংটাং ৰংহাং, প্ৰধান শিক্ষক দুধিৰাম শৰ্মা, হামৰেন চহৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ'কে ধৰি ভালেসংখ্যক বিশিষ্ট লোক আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। 

উপস্থিত ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ আৰু অভিভাৱকক উদ্দেশ্যি কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে কয় যে মানুহক জীৱনৰ লক্ষ্যত উপনীত কৰাৰ এক অন্যতম গুৰুত্ত্বপূৰ্ণ উৎস হৈছে শিক্ষা। শিক্ষাই মানুহৰ জ্ঞান বুদ্ধি বৃদ্ধি কৰাৰ বিপৰীতে এক অন্ধকাৰ জীৱন নিৰ্বাহৰপৰা মানুহক পৰিত্ৰাণ পোৱাত প্রত্যক্ষভাৱে সহায় কৰে। মানুহক পূৰ্ণাংগ ৰূপ দিয়াত শিক্ষাৰ ভূমিকা অপৰিসীম। শিক্ষা লাভৰ যোগেদি প্ৰতিটো দিশতে ব্যক্তিয়ে নিজকে উপযুক্ত কৰি তুলিব পাৰে। 

এনেবোৰ মন্তব্যৰ পিছতে তিমুঙে কাৰ্বি আংলং শিক্ষক সমাজক পাহাৰীয়া জিলাখনত গুণগত শিক্ষা বিস্তাৰ আৰু শিক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনায়। লগতে অভিভাৱকসকলকো এই ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈ নিজৰ সন্তানক বা ছাত্ৰ ছাত্ৰীসকলক যত্ন লোৱা বা অনুশাসনৰ মাজেৰে আগুৱাই নিয়াৰ বাবে আহ্বান জনায় তিমুঙে। বিগত সময়ত উক্ত বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰিৰ অভাৱত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰা বা উক্ত স্থানৰপৰা স্থানান্তৰ কৰাৰ ভাবুকি অহা বিদ্যালয়খন আজিৰ তাৰিখত পুনৰ পুনৰোজ্জীৱিত হৈ উঠা কাৰ্য্যত কাৰ্যবাহী সদস্যগৰাকী যথেষ্ট সুখী হৈ পৰিছে বুলিও প্ৰকাশ কৰে তিমুঙে।