newsnextone.com | বোকাজানঃ আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসম সন্তান। চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫টা সোণ আৰু ১টা ৰূপৰ পদক অৰ্জন কৰি ৬গৰাকী অসম সন্তানে অসমলৈ গৌৰৱ কঢ়িয়াই আনে৷

অসম কন্যা হাছিনা বেগম, আন্দ্ৰিয় মহন্ত, শুভাসনা শৰ্মা, ৰঞ্জনা ৰজক, দূত্যনা বাৎস’ আৰু আয়ান তেৰাঙে চেন্নাইৰ কৈলাশ গাৰ্ডেনত বিগত ১৮, ১৯ আৰু ২০ মে'ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত সফলতা অৰ্জন কৰ৷

অসমৰ মুখ্য প্ৰশিক্ষক তথা বিশিষ্ট সমৰকলাবিদ লিয়ন চিফু ৰাজকুমাৰৰ প্ৰচেষ্টাত হাচিনা বেগম, আন্দ্ৰিয় প্ৰাস মহন্ত, সুবাসনা শৰ্মা, ৰঞ্জনা ৰজক, দুত্যনা বাৎসাই বিভিন্ন শিতানত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক লাভ কৰাৰ লগতে আয়ন তেৰাঙে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী৷

উল্লেখ্য যে, অহা ৫ জুনৰ পৰা নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া প্ৰথম চাউথ এছিয়ান গেমছ-২০১৮ত ভাৰতৰ হৈ হাচিনা বেগম, আন্দ্ৰিয় প্ৰাস মহন্ত, সুবাসনা শৰ্মা, জাৰ্নেলিম কলিতা আৰু মনিকা গগৈক সৰ্বভাৰতীয় কুংফু সংস্থাই বাচনি কৰিছে বুলি মুখ্য প্ৰশিক্ষক লিয়ন চিফু ৰাজকুমাৰে জানিবলৈ দিয়ে৷