Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ ১১ গৰাকী সংগীত শিল্পীক বিমান ধ্বংসকাৰী কামানৰ মুখত বান্ধি নৃশংসভাৱে হত্যা কৰিছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে। এই সমগ্ৰ দৃশ্য চাবলৈ বাধ্য কৰা হৈছিল দেশখনৰ ১০ হাজাৰ নাগৰিকক।

কিম জং উনৰ অত্যাচাৰৰ কথা ৰাজহুৱা কৰি বিশ্ববাসীক এই নিষ্ঠুৰতাৰ বিষয়ে অৱগত কৰিছে কোনোমতে দেশ এৰি পলায়ন কৰা এগৰাকী মহিলাই। দেশ এৰা মহিলাগৰাকীয়ে জনোৱা মতে, কেইমাহমান পূৰ্বে ১১ গৰাকী সংগীত শিল্পীক কামানৰ নলীত বান্ধি উৰুৱাই দিয়াৰ নিৰ্দেশ দিছিল একনায়ক কিমে।

কেৱল সেয়াই নহয়, নিহতসকলৰ দেহৰ ওপৰত ট্ৰেংক চলাই সমান কৰি দিয়া হৈছে মাটিৰ সৈতে। ১০ হাজাৰ লোকক সেই দৃশ্য চাবলৈকো কঢ়া নিৰ্দেশ দিছিল কিমে। দেশখনৰ সামৰিক বিদ্যালয়ত অশ্লীল ভিডিঅ’ নিৰ্মাণৰ অভিযোগত শিল্পীকেইগৰাকীক এই শাস্তি বিহিছিল বুলিও মহিলাগৰাকীয়ে সদৰী কৰিছে।

দেশ এৰি পলায়ন কৰা মহিলাগৰাকীয়ে বিদ্ৰুপৰ সুৰত কয় যে উক্ত অভিযোগত অইনক শাস্তি দিয়া কিম নিজেই এজন যৌন লালসাৰে ভৰপূৰ পুৰুষ। তেওঁ জনোৱা মতে, বিদেশৰ সংবাদ মাধ্যম আৰু চোৰাংচোৱা বাহিনীয়ে কোনো ধৰণৰ সম্ভেদ পাব নোৱৰাকৈ কিমে নিৰ্মাণ কৰিছে অসংখ্যা বিলাসবহুল গোপন ঘাটি।

সেই ঘাটিসমূহলৈ কিমৰ নিৰ্দেশত পিয়ংইয়ং চহৰৰ বিদ্যালয়সমূহৰ পৰা বছা বছা সুন্দৰী ছাত্ৰীসকলক লৈ গৈ ব্যৱহাৰ কৰা হয় যৌনদাসী হিচাপে। তেওঁ আৰু জনায় যে কিমে হেনো মসৃণ সুঠাম ভৰিৰ কিশোৰ-যুৱতীসকলকহে বিশেষভাৱে পছন্দ কৰে।

ইফালে দেশান্তৰিত মহিলাগৰাকীক যাতে উত্তৰ কোৰিয়াই কোনো অনিষ্ট কৰিব নোৱাৰে তাৰ সকলো ব্যৱস্থা কৰিব বুলি সদৰী কৰিছে আমেৰিকাই। লগতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কিমৰ অহংকাৰ মাটিৰ সৈতে মিহলি কৰি দিবলৈকো সাজু বুলি স্পষ্ট কৰি দিছে।

প্ৰয়োজনত বিশ্ববাসীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা উত্তৰ কোৰিয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব বুলিও হংকাৰ দিছে ট্ৰাম্পে। বিপৰীতে এনে ভাবুকিলৈ কেৰেপ নকৰি ট্ৰাম্পকহে সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ মিনিটতে উৰুৱাই দিব বুলি সকীয়াই দিছে শেহতীয়াকৈ ১১ সংগীতশিল্পীক কামানেৰে উৰুৱাই দিয়া কিম জং উনে।