ডিজিটেল ডেস্কঃ যিজন লোকে পাণখনৰ পৰা চূণকণৰ হীনডেঢ়ি হ’লেই, নিজৰ বিশ্বস্ত সৈনিককো ট্ৰেংকৰ নলীৰ সমুখত ৰাখি উৰুৱাই দিবলৈ দ্বিধা নকৰে, সেইজন মানুহে গান গাই বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে? বিশ্বাস কৰক বা নকৰক খেয়ালী কিমে কিন্তু নিজৰ কোঠাত থকা দামী দামী পিয়ানোত নিজে সুৰ তুলি গান গাই কোনো কোনো মুহূৰ্তত আপোন পাহৰা হৈ পৰে।

চিনেমা উপভোগ কৰে নিজৰ ব্যক্তিগত প্ৰেক্ষাগৃহত বহি। বিদেশী চিগাৰেটৰ এটা সুখ টানতে উৰুৱাই দিয়ে ৪৪ ডলাৰ। চুমুক দিয়ে দামীতকৈয়ো দামী হুইস্কিত। এনেদৰে প্ৰতিদিনে স্বৰ্গসুখৰ জীৱন যাপন কৰি আহিছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনেই।

বিদেশী সুৰা

সহজলভ্য দেশী সুৰাত কোনো কালে চুমুক দিবলৈ ভাল নাপাইছিল কিমে। এলিট ক্লাছৰ বন্ধু-বান্ধৱ আৰু নিজৰ বাবে ৩০ মিলিয়ন মাৰ্কিন ডলাৰৰ কেৱল সুৰাই আমদানি কৰে এইজন মহাপ্ৰতাপী শাসকে। পছন্দ কৰে হুইস্কি আৰু কগনেক। পিছে যিকোনো ব্ৰেণ্ডৰ নহয়, তেওঁক লাগে হেনেছিৰ দৰে ব্ৰেণ্ড, যাৰ এটা বটলৰ দামেই হৈছে ২,১৪৫ডলাৰ। 

বিদেশী খাদ্য

খোৱা-বোৱাৰ নামত কোনোধৰণৰ কাৰ্পণ্য নকৰে কিমে। দামী ভালৰো ভাল খোৱা বস্তুহে জিভাত লাগে কিমৰ। পৰ্ক খাবলৈ মন গ’লে সেয়া আনে ডেনমাৰ্কৰ পৰা। ইৰাণৰ পৰা আনে কেভিয়াৰ। বীফ আনে জাপানৰ পৰা। আৰু যে ক’ত কি? খোৱা-বোৱাৰ নামত দিনে কিমান খৰছ কৰে তাৰ হিচাপ তেওঁ নিজেই নাজানে। হ’লেও সেই সংখ্যাই যে এটা সপ্তাহতে কেবা মিলিয়ন হয়গৈ তাত কোনো সন্দেহ নাই।


► তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক...

Click ►কৰ'নাৰ পিছত 'সুখ-দুখ আনকি প্ৰেম'ৰ ওপৰতো আপুনি হেৰুৱাব পাৰে অধিকাৰ!


ডিজাইনাৰ চিগাৰেট

যিজন লোকে খোৱা-বোৱাৰ নামত কোটি কোটি টকা পানীৰ দৰে খৰছ কৰিব পাৰে, তেনে এজন লোকৰ ধূমপানতো যে বিশেষ পছন্দ থাকিব তাত আচৰিত হ’বলগীয়া কথাই নাই। ফ্ৰেন্স ডিজাইনাৰ চিগাৰেট নহ’লে এক মূহূৰ্তও পাৰ নহয় কিমৰ। ইভেছ ছেণ্ট লৰেণ্টৰ যি চিগাৰেটত তেও সুখটান দিয়ে, তাৰ এটা পেকেটৰ দাম হৈছে ৪৪ মাৰ্কিন ডলাৰ।মার্কিন ডলার।

পিয়ানো প্রীতি

কিমক সকলোতে বেছিকৈ লাগে। কম বস্তুৰ কথা তেওঁ সপোনতো ভাবিব নোৱাৰে। মানুহৰ সাধাৰণতে এখন পিয়ানো থাকে। পিছে কিমৰ ঘৰত কিমান পিয়ানো আছে সেয়া জানিলে সকলোৰে চকু কপালত উঠিব। তেওঁৰ ঘৰত থকা পিয়ানোৰ সংখ্যা হৈছে ৩ ডজনৰো অধিক। ইয়াৰে এখন পিয়ানোৰ দাম হৈছে ৬৪.৪৫১ ডলাৰ।

কিমৰ প্রাসাদ

উত্তৰ কোৰিয়াৰ একনায়ক কিম কেতিয়া ক’ত থাকে, সেয়া কোনেও নাজানে। জানিবই বা কেনেদৰে? এটা-দুটা নহয়, কিমৰ আছে ১৭টাকৈ প্ৰাসাদ। ঘূৰা-ফুৰা কৰি নিজৰ ইচ্ছামতে যিদিনা যিটোত মন যায় সেইটোতে কটায় বিলাসী কিমে। নিজৰ নামত এটা দ্বীপো আছে কিমৰ।

থিম পার্ক

খেয়ালী স্বভাৱৰ এইজন শাসকৰ ভিতৰত লুকাই আছে শিশুসূলভ স্বভাৱ। সেয়ে নিজৰ বাবে তেওঁ নিৰ্মাণ কৰিছে পাৰ্ক। জলকেলিৰ বাবে তাত ৱাটাৰ পাৰ্কো নিৰ্মা কৰিছে কিমে।

ব্যক্তিগত চিনেমা হল

বিশ্বত আৰু কাৰ নিজাববীয়া চিনেমা হল আছে সেই তথ্য সতকাই কোৱাতো টান। কিন্তু কিমৰ আছে ১০০০ আসনৰ নিজাববীয়া চিনেমা হল।

ডিভিডিৰ কালেকশ্যন

উত্তৰ কোৰিয়াত বিদেশী চিনেমাৰ ডিভিডি নিষিদ্ধ। পিছে কিমৰ নিজস্ব ডিভিডি কালেকশ্যনৰ কথা জানিলে তবধ মানিব লাগিব। তেওঁৰ ব্যক্তিগত লাইব্ৰেৰীত আছে ২০হাজাৰ চিনেমাৰ ডিভিডি। ইয়াৰে অধিকাংশই হৈছে হলীউডৰ।

বন্ধু আপ্যায়ন

আমেৰিকাৰ সৈতে অহি-নকুল সম্পৰ্ক হ’লেও সেই দেশৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ ডেনিছ ৰডমেনৰ সৈতে তেওঁৰ আছে ঘনিষ্ঠ সম্পৰ্ক। কিমৰ আমন্ত্ৰণত মাজে মাজে উত্তৰ কোৰিয়ালৈ আহে ডেনিছ। বিদেশী বন্ধুৰ তালিকাত আৰু কেবাজনো বিখ্যাত লোকৰা নাম আছে। অতিথিৰ বাবে খোাৱা-বোৱাত কোনোধৰণৰ ক্ৰুটি নাৰাখে কিমে। বিদেশী সুৰাৰ পৰা আৰম্ভ কৰি বিদেশী খাদ্যলৈ একোৱেই বাদ পৰিবলৈ নিদিয়ে উত্তৰ কোৰিয়াৰ হৰ্তা-কৰ্তাগৰাকীয়ে।

বিলাসী নাও

জল বিলাসৰ বাবে কেবাখনো নৌকা আছে কিমৰ। এনে এখন নৌকাৰ আকাৰ হৈছে ২০০ ফুট। তাত আছে সকলো সা-সুবিধা। বন্ধু ডেনিছে ইয়াক তুলনা কৰিছে ক্ৰুজৰ সৈতে। ৰাজকীয় এই নৌকাৰ প্ৰতিখনতে খৰছ হৈছে কমেও ৮০ লাখ ডলাৰ।

দামী হাতঘড়ী

কিমৰ হাতত ঘড়ী নাই, এনে কেতিয়াও নহয়। দামী দামী ঘড়ীৰ কালেকশ্যন আছে উত্তৰ কোৰিয়াৰ নায়কজনৰ ওচৰত। সকলো মিলি কেৱল ব্যক্তিগত হাতঘড়ীৰ নামতে কিমে খৰছ কৰিছে ৮২ লাখ ডলাৰ।

স্ত্ৰীৰ বাবে কিমৰ উপহাৰ

নিজে যেনেদৰে দামী বয়-বস্তু ব্যৱহাৰ কৰে, স্ত্ৰীকো তেনেদৰেই ৰাখে কিমে। ২০০৯ চনত ৰি ছল-জুনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা ইটোৰ পিছত আনটো উপহাৰেৰে ভৰাই দিছে। কিমে স্ত্ৰীক কেনে উপহাৰ দিয়ে তাৰ বাবে এটা উদাহৰণেই যথেষ্ট। শেহতীয়াকৈ তেওঁ স্ত্ৰীক উপহাৰ দিছে ক্ৰিষ্টিয়ান ডিঅ’ৰৰ এটা হেণ্ডবেগ, যিটোৰ দাম ১,৪৫৭ মাৰ্কিন ডলাৰ। 

(এইটো লেখা ২০১৭ চনৰ ২৭ মে'ত www.newsnextone.comত প্ৰকাশ পাইছিল। কিম জং উনৰ বিষয়ে পুনৰ চৰ্চা চলাত আকৌ ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা হৈছে।)