বোকাজানঃ  আজি পুৱা কাৰ্বি আংলং আৰক্ষীয়ে খটখটিৰ পলাতক লম্পট ধৰ্মযাজক চন্দ্ৰ কুমাৰ প্ৰধানক নাগালেণ্ডৰ কহিমাৰপৰা আটক কৰে ৷ উল্লেখযোগ্য যে যোৱা ৩১ অক্টোবৰj দিনৰ প্ৰায় ৩ বজাত বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানৰ ছানডে' বজাৰৰ এই চৰিত্ৰহীন ৬২ বছৰীয়া ধৰ্মযাজকজনে এটি ১০ বছৰীয়া কণমানিৰ ওপৰত নিজৰ নিকৃষ্ট কামনা চৰিতাৰ্থ কৰিবলৈ চেষ্টা কৰিছিল ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি উক্ত দিনা ছানডে' বজাৰৰ নিবাসী নুৰকুল ইছলাম নামৰ লোকজন তেজপুৰলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নুৰকুল ইছলামৰ ১০ বছৰীয়া কণমানিজনীক ফুচুলাই লাহৰীজান চাহ বাগানৰ মাজলৈ লৈ গৈ যৌন উৎপীড়নৰ চেষ্টা কৰোতেই কণমানি ছোৱালীজনীয়ে কান্দি কান্দি চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়াই লম্পটটোৰ কৱলৰপৰা কণমানিজনীক উদ্ধাৰ কৰে যদিও ধৰ্মযাজকজনে পলাই সাৰিবলৈ সক্ষম হয় ৷ 

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত খটখটি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৬/৫১১ ধাৰাৰ অধীনত ১৩২/১৮ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল ৷ উল্লেখযোগ্য যে চন্দ্ৰ কুমাৰ প্ৰধান বিগত চাৰি দিন ধৰি নগালেণ্ডৰ কহিমাৰ অৰ্কিড হোটেলত আত্মগোপন কৰি আছিল যদিও বোকাজান মহকুমা আৰক্ষী বিষয়া চেতাং সিং আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বদ্ৰীপ্ৰসাদ বাৰুৱতীৰ নেতৃত্বত যোৱা কাৰ্বি আংলং আৰক্ষীৰ এটা দলে আজি পুৱা প্ৰধানক আটক কৰে৷ আৰক্ষীয়ে লগতে ঘটনাৰ ভিডিঅ' ফেচবুকত ভাইৰেল কৰা মাধৱ ৰায় নামৰ এজন যুৱককো আটক কৰে।