ধনঞ্জয় নাথ, কোকৰাঝাৰঃ সততে বিতৰ্কিত মন্তব্য, বিতৰ্কিত কাম-কাজেৰে বাতৰিৰ শিৰোনাম দখল কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সলনি হ’ল! জুবিন গাৰ্গ এতিয়া শান্ত, সৌমাহিত আৰু অমায়িক শিল্পী। নাই কোনো ভেম, নাই কোনো উশৃংখলতা। জুবিন গাৰ্গে এতিয়া মাথো প্ৰাণঢালি গান গায়, ভাল পায় জোনাক নিশা আৰু কাঞ্চনজংঘাক লৈ থকা তেওঁৰ সপোনৰ কথা কয়।

এনে এক ৰূপতেই বুধবাৰৰ নিশা কোকৰাঝাৰবাসীয়ে জুবিনক প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল। জুবিনৰ গানৰ তালে তালে নাচি আত্মহাৰা হৈ পৰে তেওঁৰ অনুৰাগী। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চমুকৈ চি আই টি চৌহদত জুবিনৰ অনন্য অনুষ্ঠান উপভোগ কৰি শত-সহস্ৰ জনতাই ধন্য মানে। 

সময় সলনি হ’ল। সলনি হৈছে জুবিন। উশৃংখলতা এতিয়া অতীত হ’ল। জুবিন পৰিপক্ক হ’ল। জুবিনৰ পৰিচয় শিল্পী…৷ শিল্পী হিচাপেই হৃদয়ত স্থান দিছে অগণিত গুণমুগ্ধই। জুবিনে বুজে… সেয়ে গুণমুগ্ধক আৰু হয়তো আঘাত দিব নিবিচাৰে জুবিনে!

জুবিনৰ হৃদয়ৰ বিশালতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সকলোকে সহায় কৰে জুবিনে। কি গুণমুগ্ধ, কি খেলুৱৈ, কি শিল্পী, কি মৃত্যুশয্যাত ক্ষণ গণি থকা ৰোগী… কাকনো সহায় কৰা নাই জুবিনে? নিষ্পাপ জুবিন, সৰলতা আৰু কাৰুণ্যৰে ভৰা অন্তৰ। সেয়ে জুবিনে ভাল পায় জোনাক… বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠান কৰোতে মঞ্চৰপৰা জুবিনে দেখা পালে জোন… সৰু ল’ৰাৰ দৰে চিঞৰি উঠিল…আহ, সৌৱা জোন… ইমান সুন্দৰ… মূৰ তুলি ওপৰলৈ চাওক জোনাকলৈ… জুবিনৰ কথাত দৰ্শকে মূৰ তুলি জোনাকলৈ চালে… হয়তো… জোন ইমান সুন্দৰ…৷ নহয়, নহয়… জুবিন থকাৰ বাবেই জোনেও অপৰূপ ৰূপ ধাৰণ কৰিছে…৷ জুবিনে আৰম্ভ কৰিলে… ‘মায়াৱিনী নিশা……’৷

এটাৰ পাছত আনটো গান গাই গ’ল জুবিনে। জুবিন কেতিয়াও ভাগৰি নপৰে। জুবিনে মায়াৱিনী নিশাৰ গীত গাইছে… কিন্তু ভাগৰি পৰাৰ গীত জুবিনে নাগায়… জুবিন ভাগৰি নপৰে…। অকল গানেই নহয়, বাদ্যযন্ত্ৰীৰ ৰূপতো জুবিন অবতীৰ্ণ হৈছে। জুবিনৰ এয়া নতুন ৰূপ।

জুবিন… যাৰ নামেই উন্মনা কৰিবলৈ যথেষ্ট। অনুৰাগীসকল সুযোগ পালেই দৌৰি গৈ জুবিনৰ ভৰি চুইছে। এয়াইতো শ্ৰদ্ধা… এয়াইতো পৰস্পৰা। জুবিনে কাহানিও অনুৰাগীক নিৰাশ নকৰে… দুহাত মেলি দিয়া অনুৰাগীসকলৰ হাতত জুবিনে আলফুলে চুই দিছে… জুবিনৰ হাতৰ পৰশ… আহ, কি অনিৰ্বচনীয় সেই সুখ… জুবিনৰ হাতৰ পৰশ… সুখৰ উন্মাদনাত পৃথিৱী যেন উটি-ভাহি গৈছে…।

কষ্ট কৰিব পাৰে জুবিনে। প্ৰায় প্ৰতিদিনে অনুষ্ঠান পৰিৱেশন কৰে। জুবিনৰ ভাষাত… মই ভাগৰি নাই… জীৱন হেৰোৱা নাই। জুবিনে সফলতাৰ আকাশ চুইছে। আকাশ চুবৰ মন আগৰেপৰাই আছিল জুবিনৰ। 

‘কাঞ্চনজংঘা’ক লৈ দীৰ্ঘদিনীয়া সপোন জুবিনৰ। ‘কাঞ্চনজংঘা’ৰ বাবে বহু কষ্ট কৰিছে জুবিনে। ‘মিছন চাইনা’ৰ বাবেও কৰিছিল। ‘কাঞ্চনজংঘা’ চাবলৈ সকলোকে আহ্বান জনাইছে জুবিনে। জুবিনৰ আহ্বান পেলাব জানো পাৰি? দৌৰি দৌৰি যাম, ‘কাঞ্চনজংঘা’ চাম, জুবিনদা!!!