নগাঁওঃ নৈৰ পাৰতে গঢ়লৈ উঠে মানৱ সভ্যতা ৷ সিন্ধু নদীৰ পাৰৰ ভাৰতীয় সভ্যতা, নীল নদীৰ পাৰৰ মিছৰীয় সভ্যতা, ট্ৰাইগ্ৰিছ- ইউফ্ৰেটিছৰ পাৰৰ বেবিলনীয় সভ্যতা ইত্যাদি৷ দেখা যায় যে, মানৱ সভ্যতাৰ সৃষ্টি আৰু বিকাশত নৈৰ গুৰুত্ব অপৰিসীম ৷ সেয়ে আমাৰ পাৰিৱেশিক তথা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ বাবে বিভিন্ন নদ-নদী, জান-জুৰি, খাল-বিল, আৰ্দ্ৰভূমি আদিৰ অৱদান অন্যতম।

কিন্তু বৰ্তমান জাৱৰ-জোঁথৰ, নলা-নৰ্দমাৰ লেতেৰা পানী আদিয়ে উক্ত পৰম্পৰাগত পানীৰ উৎস সমূহ অত্যাধিক ধৰণে প্ৰদূষিত কৰি নদী বোৰক এক মৃতপ্ৰায় স্তৰলৈ লৈ গৈছে। অসমত তাৰেই প্ৰমাণ পোৱা যায় গুৱাহাটী মহানগৰৰ মাজেৰে বৈ যোৱা ভৰলু, যোৰহাট চহৰৰ মাজেৰে বৈ যোৱা ভোগদৈ আৰু নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ আদি।

প্ৰদূষণ আৰু নদীৰ বিপন্নতা প্ৰতিহত কৰি তাক পুনৰ্জীৱন দিয়াটোও মানৱ সমাজৰেই দায়িত্ব। ইয়াকে অন্ত:কৰণেৰে অনুভৱ কৰি এই মহৎ কাৰ্য্য সমাপনৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ একাংশ সচেতন নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী।

‘সেউজ প্ৰচেষ্টা’ (Green Endeavour) শীৰ্ষক এই কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক কৰ্মসূচী আজিৰে পৰা নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নদীৰ পাৰত পৰম উৎসাহ-উদ্দীপনাৰ মাজেৰে আৰম্ভ হৈছে। প্ৰথমাৱস্থাত অগ্ৰাধিকাৰ ভিত্তিত কলং নৈৰ দুয়োপাৰৰ প্ৰায় ১ কি.মি. দৈৰ্ঘৰ এটা অংশ (নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ পৰা নগাঁও আইন মহাবিদ্যালয়ৰ সমীপলৈ) সামৰি লোৱা হৈছে।

সেই অনুসৰি আজি ‘সেউজ প্ৰচেষ্টা’ৰ সকলো স্বেচ্ছাসেৱক একত্ৰিত হৈ উল্লেখিত অঞ্চলত মাইকৰ জৰিয়তে নদী বিষয়ক গীত-কবিতা আওৰাই, বেনাৰ-পোষ্টাৰ আৰু পুস্তিকা আদিৰ জৰিয়তে দুয়োপাৰৰ ৰাইজৰ মাজত এক জনজাগৰণ কাৰ্য্যসূচী ৰূপায়িত কৰে। উক্ত অঞ্চলতেই অহা ২৯ মে’ত ‘সেউজ প্ৰচেষ্টা’ৰ স্বেচ্ছাসেৱক সকলে কলংপৰীয়া ৰাইজৰ সহযোগিতাত এক সুদূৰপ্ৰসাৰী চাফাই অভিযান হাতত লৈছে, যাতে ই এক উদাহৰণ সৃষ্টি কৰিব পাৰে আৰু পৰৱৰ্তী পৰ্য্যায়ত ই অন্যান্য অঞ্চলৰ কলংপৰীয়া ৰাইজকো অনুপ্ৰাণিত কৰিব পাৰে ।

এনে এক মহৎ প্ৰচেষ্টাক আন্তৰিকতাৰে আদৰণি জনাইছে নগাঁওবাসী ৰাইজে। “সমূহ কাৰ্য্যসূচী সফল কৰাত নগাঁও চহৰৰ সমূহ বাসিন্দা তথা কলঙপৰীয়া ৰাইজৰ সহৃদয় অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছো। কলং নৈখন পুনৰ্জীৱিত হওঁক।”–কোনো বিপন্ন নদীৰ পুনৰ্জীৱন আৰু সুৰক্ষামূলক এনে প্ৰচেষ্টা সমগ্ৰ অসমৰ ভিতৰতে এয়াই প্ৰথম বুলি উল্লেখ কৰি এইদৰে কয় অন্যতম স্বেচ্ছাসেৱকদ্বয় অভিযন্তা নৃপেন্দ্ৰ শৰ্মা আৰু শিক্ষয়িত্ৰী অপৰ্ণা ভট্টাচাৰ্য্যই ।