গোৱালপাৰাঃ ৰাজ্য খনৰ কেইবাখনো জিলাত আজিও বৰ্তি আছে কুটিৰ শিল্প৷ কেইবাখনো ঐতিহ্যমণ্ডিত ঠাইত লোক সংস্কৃতিৰ অন্যতম বাহক কুটিৰ শিল্পই অসমীয়া সভ্যতাক দি আহিছে অন্য এক মাত্ৰা৷ আজিও গ্ৰাম্য এলেকাৰ বহু পৰিয়াল কুটিৰ শিল্পৰ সৈতে জড়িত হৈ পৰিয়াল চলাই আহিছে৷

বাঁহ-বেতৰ শিল্প, কাঠশিল্প, মৃৎশিল্প, লৌহশিল্প কৰ্মৰে একাংশ পৰিয়ালে ঘৰ চলাই থকাৰ লগতে শিল্পবিধক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰি আহিছে৷ থলুৱা সম্পদ যেনে বাঁহ, গাঁৱলীয়া কাঠ, বেত আদিৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে গ্ৰাম্য অঞ্চলৰ কুটিৰ শিল্প সৈতে জড়িত শিল্পীসকলে৷ কোনো ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈয়ে খালি হাত খন নতুবা দা’-কটাৰী, হাতুৰি, বাটুলি, বাইচ আদিৰ সহায়ত এই শিল্পক জীয়াই ৰাখিছে৷

কুটিৰ শিল্পই গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি মজবুত কৰি সমাজ আগুৱাই যোৱাত সহায় কৰে৷ একো একোটা পৰিয়ালৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ, চিকিৎসা, খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি এই কৰ্মৰ দ্বাৰাই চলে৷ সমাজ খনৰ আৰ্থিক উন্নয়ন এই কৰ্মৰ দ্বাৰা হ’ব পাৰে বুলি ধাৰণা কৰিব পাৰি৷ কিয়নো বিশ্বায়নৰ যুগতো মানুহে কুটিৰ শিল্পসমূহক বিশেষভাৱে আকোৱালি লোৱা দেখা যায়৷ ৰাজ্যখনৰ গাঁৱে-ভূঞে এনে উদ্যোগ সমূহক কেৱল প্ৰয়োজন চৰকাৰৰ সহায়ৰ৷

কিন্তু পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ সমূহৰ বিৰুদ্ধে ৰাজ্যৰ কুটিৰ শিল্পৰ উদ্যোগসমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত ৰাজ্যখনৰ কুটিৰ শিল্পৰ জৰিয়তে পেট প্ৰৰ্ৱতাই থকা একাংশ লোকে আৰ্থিক সমস্যাত ভুগিব লগা হৈছে৷ আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ থলুৱা সম্পদৰ জৰিয়তে নানান সা-সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হ’ব খোজা ৰাজ্যৰ এটি অঞ্চল গোৱালপাৰা জিলাৰ বলবলা৷

বলবলাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই এই কৰ্মৰ সৈতে জড়িত৷ বলবলাত কুটিৰ শিল্পৰ বজাৰখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে৷ ৰাজ্যৰ বাহিৰৰ পৰা অহা বিভিন্ন সামগ্ৰীয়ে অসমৰ বজাৰ গ্ৰাস কৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত এলাগী হৈ পৰিছে থলুৱা শিল্পকৰ্মসমূহ। গোৱালপাৰা জিলাৰ বলবলাৰ কুটিৰ শিল্প ঢৰাৰ বাবে বিখ্যাত৷

প্ৰায় ১৭০০টা পৰিয়াল আছে বলবলাত৷ প্ৰতিটো পৰিয়ালে কুটিৰ শিল্প নিৰ্মাণৰ সৈতে জড়িত৷ আন্তঃৰাজ্যিক বজাৰ দখল কৰিবলৈ সক্ষম হোৱা বলবলাৰ কুটিৰ শিল্পৰ সৈতে জৰিত লোকসকলে এতিয়া চৰম হতাশাৰ মাজেৰে দিন পাৰ কৰিছে৷ বিগত বছৰবোৰত বলবলাৰ ধাৰিবোৰ ৰপ্তানি কৰিছিল বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিম বংগ আদি ৰাজ্যলৈ৷

কিন্তু চৰকাৰে এখন বজাৰ নিৰ্ধাৰণ নকৰাৰ বাবে আজিকালি বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিম বংগৰ ব্যৱসায়ীসকলে বলবলালৈ নাহে৷ যাতায়াত বিশেষকৈ যোগাযোগ ব্যৱস্থা আৰু বজাৰ নথকাৰ বাবে বহিঃ ৰাজ্যলৈ ৰপ্তানি নোহোৱা হ’ল ধাৰিবোৰ। পূৰ্বে বহিঃ ৰাজ্যৰ ব্যৱসায়ী সকলে সৰু গাড়ী লৈ আহি বহিঃ ৰাজ্যলৈ লৈ গৈছিল বলবলাৰ ধাৰি-পাতি আদি সামগ্ৰী৷

কিন্তু এই ধাৰিৰ ব্যৱসায় লাহে লাহে অচল হৈ পৰিছে৷ কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে ১৭০০টাকৈ দৰিদ্ৰ পৰিয়ালে নিৰ্মাণ কৰি অহা ধাৰিৰ বজাৰত উচিত মূল্য নাপায় বুলি অভিযোগ উত্থাপিত হয়৷ বলবলাৰ ঢৰাই উচিত মুল্য লাভৰ পৰা বঞ্চিত হোৱাত কুটিৰ শিল্পৰ সৈতে জৰিত লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷

যাৰ ফলত এই শিল্প বিধক ৰক্ষা কৰিবলৈ চৰকাৰে সহায় কৰিব বুলি কয় একাংশ লোকে৷ কিন্তু পৰিতাপৰ বিষয় বলবলাৰ লোকসকলে আজিও চৰকাৰৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সা-সুবিধা৷ বলবলাৰ পৰিয়াল সমূহে এই শিল্পবিধক জীয়াই ৰাখিবলৈ চৰকাৰৰ পৰা সহায় বিচাৰি আহ্বান জনায়৷