ডিজিটেল ডেস্কঃ  পুৱাৰে পৰা দেশৰ মহান তবলা বাদক, ক্লাছিকেল তথা কথকৰ নৃত্যকাৰ লচ্ছু মহাৰাজৰ ৭৪ সংখ্যক জয়ন্তীত Googleএ Doodle বনাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৰণ কৰে৷ এই ডুডলত মহাৰাজৰ পেন্টিঙ তৈয়াৰ কৰি তবলা বজাই গান গোৱাৰ ভংগীমাৰে এক সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা গৈছে৷ 

জন্মঃ ১৯৪৪ চনৰ উত্তৰ প্ৰদেশৰ বনাৰসত ১৬ অক্টোবৰত জন্ম লাভ কৰা মহাৰাজৰ কম বয়সৰ পৰাই তবলাৰ প্ৰতি অগাধ প্ৰেম থকা জানিব পাৰি৷ তবলা বাদৰ দ্বাৰা দেশ-বিদেশত নিজ পাৰদৰ্শিতাৰে সকলোৰে মন জয় কৰি নিজৰ এক সুকীয়া চিনাকী দি যোৱা এইজন মহান ব্যক্তিয়ে মহাৰাজ৷ 

কেৰিয়াৰৰ লগতে বহুগুণৰ অধিকাৰী আছিল মহাৰাজঃ কম বয়সৰ পৰা তবলা বাদনৰ প্ৰতি ধাউতি থকা লচ্ছু মহাৰাজে বলিউডতো খুব কম সময়ৰ ভিতৰত নিজৰ নাম উজলাবলৈ সক্ষম হয়৷ সুন্দৰ ব্যক্তিত্বৰ লগতে ৰসালপূৰ্ণ লোক হোৱাৰ বাবে বনাৰসত আজিও তেখেতক সকলোৱে শ্ৰদ্ধাসহকাৰে স্মৰণ কৰে৷ কেৱল সেয়া নহয়, সময়ৰ মূল্যক গুৰুত্ব দি নিজৰ কাম নিয়াৰিকৈ কৰি যোৱা এইজন ব্যক্তিয়ে সকলোৰে মনত বৰ্তমানলৈকে সাঁচ বহুৱাই থৈ যায়৷

সময়ৰ মূল্যক লৈ গুৰুত্ব দিয়া মহাৰাজৰ জীৱনত বহু ঘটনাই ঘটিছিল৷ তবলা বাদৰ বাবে তেখেতক আকাশবাণীলৈ নিমন্ত্ৰণ জনোৱা হৈছিল৷ কিন্তু এই অনুষ্ঠানত যিগৰাকী ব্যক্তিয়ে নিমন্ত্ৰণ জনাই তেখেতেই ৫ মিনিট পলমকৈ অহাৰ বাবেই মহাৰাজে অনুষ্ঠান এৰি ঘূৰি আহে৷ 

পৰিয়ালঃ মহাৰাজৰ ১২ জন ভাই-ভনীৰ ভিতৰত তেখেত ৪ নম্বৰৰ সন্তান আছিল৷ আনহাতে লচ্ছু মহাৰাজে টীনা নামৰ এগৰাকী ফ্ৰান্সীচ মহিলাক বিয়া কৰাই নিজৰ সংগী হিচাপে লৈ জীৱন অতিবাহিত কৰছিল৷ লগতে বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা মহাৰাজৰ ভাগিন বুলি জানিব পৰা যায়৷ 

উল্লেখযোগ্য যে ১৯৭৫ৰ পৰা ১৯৭৭ চনৰ ভিতৰৰ সময়ছোৱা দেশৰ বাবে এক ঐতিহাসিক বিবাদস্পদ তথা আলোকতান্ত্ৰিক কাল বুলি কোৱা হয়৷ কিয়নো দেশৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে আপাতকালীন ব্যৱস্থাৰ বাবে বন্দী হ’বলগীয়া হৈছিল৷ তাৰ ভিতৰত তবলাবাদক লচ্ছু মহাৰাজো অন্যতম লোক৷ কিন্তু এনে পৰিস্থিতিতো তেখেতে নিজৰ সাধনা এৰি নিদি তবলা বজাইছিল৷ বিখ্যাত সমাজবাদী নেতা জৰ্জ ফৰ্নানডিজ, দেবব্ৰত মজুমদাৰ আৰু মাৰ্কেণ্ডেয়ক তবলা বজাই শুনাইছিল লচ্ছু মহাৰাজে৷ 

মৃত্যুঃ কঠোৰ পৰিশ্ৰম, সাধনা তথা নিজৰ প্ৰতিভাৰে জনসাধাৰণৰ মনত সাঁচ বহুৱাই যোৱা মহাৰাজক আজি গুগলে ডুডল বনাই তেখেতৰ ছবি লগাই সোঁৱৰিছে৷ আনহাতে লচ্ছু মহাৰাজক পদ্মশ্ৰীৰ বাবে নিৰ্বাচিত কৰাত তেখেতে এই সন্মান স্বীকাৰ কৰা নাছিল কিয়নো জনসাধাৰণৰ পৰা পোৱা মৰম, শ্ৰদ্ধাই তেওঁৰ বাবে সন্মানীয় স্বৰূপ আছিল বুলি কৈ নিজৰ মহানতা পৰিচয় দিয়া মহাৰাজৰ ২০১৮ বৰ্ষৰ হৃদৰোগত আক্ৰান্ত হৈ ২৬ জুলাইত ইহলীলা সম্বৰণ কৰে৷