ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি হৈছে ব্যাক্তিগত আৰু কৰ্পৰেট প্ৰতিষ্ঠান৷ কিন্তু কৰ্মচাৰীৰ বাবে কিমান সুৰক্ষিত এই প্ৰতিষ্ঠানসমুহ৷ এনে সুৰক্ষিত চাকৰিৰ অভাৱৰ বাবেই এক শোকাৱহ ঘটনা সংঘটিত হ’ল পুনেত৷

২৫বৰ্ষীয়া এগৰাকী ছফটৱেৰ অভিযন্তাই চাকৰি নাপাই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পেলাইছে৷ বৃহস্পতিবাৰে এখন হোটেলৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিলে যুৱকজনে৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যুৱকজনে চাকৰিৰ সুৰক্ষাৰ অভাৱৰ বাবেই এই আত্মহত্যা কৰা বুলি চিঠিত লিখি থৈ গৈছে৷ গোপালকৃষ্ণ গুৰুপ্ৰসাদ নামৰ যুৱকজনে জপিওৱাৰ পূৰ্বে হাতৰ শিৰ কটাৰো চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে আৰক্ষীয়ে৷

চিঠিত যুৱকজনে লিখিছিল- ’"তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত চাকৰিৰ কোনো সুৰক্ষা নাই৷ মোৰ পৰিয়ালৰ বাবে মোৰ চিন্তা হৈছে"৷ পুনেৰ এক প্ৰতিষ্ঠানত মৃত্যুৰ পূৰ্বলৈ কৰ্মৰত আছিল অভিযন্তাজন৷