মন্দিয়াঃ ভাৰতত হেলমেট নিপিন্ধাৰ বাবে জৰিমনা ভৰিবলগা হোৱাটো বা উৎকোচ দিবলগা হোৱাটো নিত্যনৈমিত্তিক ঘটনা বুলি জনা যায়। কিন্তু তাৰ পৰিৱৰ্তে ৰাজপথতে আৰক্ষীৰ হাতত মাৰ খোৱাটো তেনেই দুৰ্ভাগ্যজনক লগতে অসাংবিধানিকো।

তেনেই এক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। কৰ্ণাটকৰ মন্দিয়াত মহিলা আৰক্ষী উপ-পৰিদৰ্শক এগৰাকীয়ে নাগাসিংহ আৰু নিশান্ত নামৰ দুজন যুৱকক হেলমেট নিপিন্ধাৰ বাবে জৰিমনা বিহাৰ সলনি বাইক আৰোহীজনক থিতাতে চৰিয়ায়। তাৰপিছত ৰাজপথতে মাৰ-ধৰ আৰম্ভ কৰে।

লেডি সিংহমৰ ৰূপ ধাৰণ কৰা ছৱি নামৰ আৰক্ষী গৰাকীয়ে আনকি তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা যুৱকজনকো চোলাৰ কলাৰত ধৰি মাৰ-ধৰ কৰে।