লাহোৱালঃ ডিব্ৰুগড়ৰ চিৰিংহোলা বাপুজী যুৱক সংঘৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক চিৰিংহোলা ফুটবল সমাৰোহ দেওবাৰৰপৰা আৰম্ভ হয়। উদ্বোধনী খেলখন বাচমতীয়া বনাম দীঘলীয়াৰ মাজত অনুষ্ঠিত হয়।

বাচমতীয়াই ২-০ গলত বিজয়ী হয়। খেল পৰিচালনা কৰে ৰঞ্জিত বৰুৱাই। উদ্বোধনী অনুষ্ঠানত সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি সুৰেশ কোঁৱৰে। শ্বহীদ তৰ্পণ কৰে চিৰিংহোলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাখন গগৈয়ে।

সংঘৰ সম্পাদক ভদ্ৰ বৰুৱা, ক্ৰীড়া সম্পাদক প্ৰণৱ শেনচোৱা আৰু খেল পৰিচালনা সমিতিৰ হৈ সভাপতি যুগল কোঁৱৰ, যুটীয়া সম্পাদক ধনজিৎ বৰুৱা আৰু প্ৰাঞ্জল কোঁৱৰে এক বিবৃতিযোগে জনায় যে অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় কিৰণ গগৈ, ভূপেন কুমাৰ গগৈ আৰু ৰিতু গোঁহায়ে। লগতে উপস্থিত থাকে কুমুদ দত্ত আৰু বীনাপাণি গগৈ।

খেলৰ কিক অফ কৰে চিৰিংহোলা বাপুজী যুৱক সংঘৰ উপদেষ্টা চুচেন কোঁৱৰে। অনুষ্ঠানৰ আঁত ধৰে খেল পৰিচালনা সমিতিৰ সভাপতি যুগল কোঁৱৰে।