লাহোৱালঃ মদাৰখাত ক্ৰীড়া সন্থাৰ উদ্যোগত পহিলা জানুৱাৰীত অনুষ্ঠিত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাখন দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ সমাপণ কৰে।

সোমবাৰে সন্ধিয়া মদাৰখাত ক্ৰীড়া সন্থাৰ সভাপতি যতীন গোঁহাইয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানটোত আজি পুৱা প্ৰতিযোগিতাখনৰ ফ্লেগ অফ কৰে লাহোৱাল জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তথা ক্ৰীড়া সংগঠক ভূপেন কুমাৰ গগৈয়ে।

৫৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ বিজয় ডেকাই। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে মৰিগাঁওৰ ভূপেন ডেকা আৰু মাৰ্ঘেৰিটাৰ সঞ্জয় ভূমিজে।

প্ৰথম পাঁচ স্থান প্ৰাপকক নগদ ধন, মান পত্ৰ, জোতা, ট্ৰেকছ্যুট আৰু ট্ৰফীৰে সন্মানিত কৰা হয়। বাৰটা স্থানলৈকে বঁটা প্ৰদান কৰা হয়। মুকলি আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নতুনকৈ প্ৰকাশিত দৈনিক বাতৰি কাকত 'অসম আদিত্য'ৰ সম্পাদক অৰুণ কুমাৰ দাস।

অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডীন ড° সৃষ্টিধৰ দত্ত, অসম আদিত্যৰ উপ-সম্পাদক ভূষণজ্যোতি সন্দিকৈ, মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰণ্য সেনাপতি, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দীপজয় শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক যাদৱ গগৈয়ে।