লখিমুপুৰঃ লখিমপুৰত শনিবাৰৰপৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ অষ্টম বাৰ্ষিক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ আয়োজন কৰা হয়৷ শনিবাৰে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি এই বিহু সন্মিলনৰ প্ৰথম দিনাই লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰপৰা লখিমপুৰ চহৰৰ মাজেৰে বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।

শোভাযাত্ৰাৰখনৰ শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধিক্ষক হৰেকৃষ্ণ নাথে। বিভিন্ন জাতি জনগোষ্ঠী, পৰম্পৰা বিহু দল সমুহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে লগতে ঠাই পাই কৃষ্টি সংস্কৃতিৰ শৈলী প্ৰতীপত সমুহেও।

আনহাতে, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ সোমবাৰে অনুস্থিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।