লখিমপুৰঃ আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ দেওনা পাৰ হৈ অতিক্ৰম কৰে মহাবিদ্যালয়ৰ পৰ্য্যায়লৈ৷ এই জখলাডালেই হৈছে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা৷ 

আজি সমগ্ৰ ৰাজ্যতে এই পৰীক্ষাৰ বাবে সাজু হৈছে ছাত্ৰ-ছাত্ৰী৷ ওপৰত দিয়া এই দৃশ্য লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ বিদ্যালয়ৰ।

পুৱা ৮ বজাৰপৰা বিদ্যালয়খনৰ সম্মুখত ভিৰ পৰিলক্ষিত হয়৷ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন গঢ় দিবলৈ এখোজ আগুৱাই যোৱাৰ উৎসাহ দিবলৈ অভিভাৱক তথা আত্মীয়-স্বজন আৰু অনুৰাগীসকলৰ ভিৰ দেখা গৈছে বিদ্যালয়সমূহত৷ 

আজি পুৱা ৯ বজাৰপৰা পৰীক্ষা আৰম্ভ হয়৷ লগতে এই বিদ্যালয়খনত সৰ্বমুঠ পৰীক্ষাৰ্থী সংখ্যা হৈছে ৩৭৪ ছাত্র সংখ্যা হৈছে ১৮০আৰু ছাত্ৰীৰ সংখ্যা হৈছে ১৯৪৷