newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাৰ বনভেঙেনা গাঁৱত শনিবাৰে নিশা শিশু অপহৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বনভেঙেনা গাঁৱৰ ৰোহীত পাচোৱানৰ ঘৰৰ পৰা কণমানি শিশুক অপহৰণ কৰিব অহাৰ সন্দেহ কৰি এগৰাকী মুকবধিৰ লোকক ধৰি মাৰধৰ কৰাত উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয়৷

জানিব পৰ মতে, নিশা এগৰাকী লোকে ৰোহীত পাচোৱানৰ ঘৰত প্ৰৱেশ কৰে আৰু বিছনাৰ পৰা ডেৰ বছৰীয়া শিশুক দাঙি নিয়াৰ চেষ্টা কৰে৷ সেই সময়তে বাহিৰলৈ ওলাই অহা ৰোহীত পাচোৱানে লোকজনক প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত লোকজনে পলায়ন কৰাৰ চেষ্টা কৰে।

চিঞৰ বাখৰ শুনি গাঁৱৰ লোক সমবেত হোৱাত শিশু অপহৰণৰ চেষ্টা কৰা মুকবধিৰ লোকজনক আৱদ্ধ কৰে। ৰাইজে আৱদ্ধ কৰা লোকজন মুকবধিৰ হোৱাৰ বাবে নিজৰ পৰিচয় দিব নোৱাৰাত ৰাইজ অধিক উত্তেজিত হৈ লোকজনক উত্তম-মধ্যম শোধায়।

আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে আৱদ্ধ কৰা লোকজনক নিবলৈ ওলোৱাত আৰক্ষীৰ বাহন ঘেৰাও কৰে উত্তেজিত ৰাইজে৷ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজৰ কৱলৰ পৰা সন্দেহজনক লোকজনক উদ্ধাৰ কৰি আৰক্ষী থানাত লৈ যায়। লংকা আৰক্ষীৰ জিম্মাত থকা লোকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।