ডিজিটেল ডেস্কঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে চীনৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে লি কেকিয়াং৷ শণিবাৰে দেশখনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে কেকিয়াঙক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰে৷ 

৬৩ বছৰীয়া কেকিয়াঙে শাসনাধিষ্ঠ চীনী কমিউনিষ্ট পাৰ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে৷ ইয়াৰপূৰ্বে লি কেকিয়াঙে প্ৰধানমন্ত্ৰীৰ প্ৰথমটো কাৰ্যকাল সমাপ্ত কৰিছিল ৰাষ্ট্ৰপতি জিনপিঙৰ কাৰ্যকালতে৷ 

জানিব পৰা মতে, শনিবাৰে চীনৰ নেচ’নেল পিপুলছ কংগ্ৰেছৰ ২৯৭০ গৰাকী সাংসদৰ সৰ্বসন্মতি ক্ৰমে দ্বিতীয়বাৰলৈ লি কেকিয়াঙক প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিবলৈ সুবিধা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে৷ 

উল্লেখ্য যে, চীনত কেইবা দশকৰো পুৰণি নিয়ম ভংগ কৰি সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ দুবছৰীয়া কাৰ্যকালৰ অন্ত পেলাই৷ ইয়াৰ জৰিয়তে জিনপিঙে মৃত্যু সময়ৰলৈকে ৰাষ্ট্ৰপতি হৈ থাকিব বুলি জানিব পৰা গৈছে৷