লিডুঃ ৰাজ্যত বৃহস্পতিবাৰৰপৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ মুঠ ২৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তৰত আজি পুৱা ৭ বজাৰ পৰাই ভোটদান কৰিবলৈ ওলাই আহিল শ শ সাধাৰণ ৰাইজ৷ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি নিজৰ যোগ্য প্ৰাৰ্থী গৰাকীক জয়ী কৰাবৰ বাবে স্বতৰ্স্ফূতভাৱে উলাই আহিল গ্ৰাম্য-চহৰাঞ্চলৰ বহু সচেতন ৰাইজ৷

উল্লেখ্য যে, মাৰ্ঘেৰিটা মহকুমাৰ মুঠ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভিতৰত ৭১ টা স্পৰ্শকাতৰ আৰু ২৮ টা অতি স্পৰ্শ ৰূপে বিবেচনা কৰা হৈছে৷ মহকুমাটোৰ মুঠ ১ লাখ ৮৪ হাজাৰ ৪০ গৰাকী ভোটাৰে আজিৰ নিৰ্বাচনত ভোটদান কৰিব৷ নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবৰ বাবে প্ৰখৰ ৰ’দকো নেওচি এনেদৰে গনন্ত্ৰৰ অধিকাৰক সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিল নতুন প্ৰজন্মৰ যুৱক যুৱতীকে ধৰি বৃদ্ধ-বনিতা সকলো শ্ৰেণীৰ ৰাইজ৷ 

মাৰ্ঘেৰিটা মহকুমাৰ স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাইও সাধাৰণ শ্ৰেণীৰ ৰাইজৰ লগত শাৰী পাতি ভোট প্ৰদান কৰা পৰিলক্ষিত হ’ল৷